মহানগৰীৰ ফুটপাথত কি বিচাৰি ফুৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

ভৰলুমুখৰ পৰা জালুকবাৰীলৈ প্ৰস্তাৱিত পদপথ, সৌন্দৰ্যবৰ্ধনৰ কামৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। কামাখ্যা গে’ট আৰু মালিগাঁও চাৰিআলিত এক্সেলেটৰৰ সুবিধাযুক্ত ফুট অ’ভাৰব্ৰীজ দুখনো পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে।

news18assam
Updated:June 3, 2019, 1:05 PM IST
মহানগৰীৰ ফুটপাথত কি বিচাৰি ফুৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?
ভৰলুমুখৰ পৰা জালুকবাৰীলৈ প্ৰস্তাৱিত পদপথ, সৌন্দৰ্যবৰ্ধনৰ কামৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। কামাখ্যা গে’ট আৰু মালিগাঁও চাৰিআলিত এক্সেলেটৰৰ সুবিধাযুক্ত ফুট অ’ভাৰব্ৰীজ দুখনো পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে।
news18assam
Updated: June 3, 2019, 1:05 PM IST
মহানগৰীৰ ফুটপাথে ফুটপাথে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ কামৰ বুজ ল’বলৈ পুৱাই গুৱাহাটীৰ বিভিন্ন প্ৰান্তত উপস্থিত হ’ল মন্ত্ৰী শৰ্মা। ভৰলুমুখৰ পৰা জালুকবাৰীলৈ প্ৰস্তাৱিত পদপথ, সৌন্দৰ্যবৰ্ধনৰ কামৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। কামাখ্যা গে’ট আৰু মালিগাঁও চাৰিআলিত এক্সেলেটৰৰ সুবিধাযুক্ত ফুট অ’ভাৰব্ৰীজ দুখনো পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে।



কামৰ গতি দ্ৰুততৰ কৰাৰ লগতে নিৰ্ধাৰিত সময়ত নিৰ্মাণ সম্পূৰ্ণ হোৱাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। চানমাৰিৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সমীপলৈ প্ৰস্তাৱিত পদপথ সৌন্দৰ্যবৰ্ধনৰ কামৰো বুজ লয় হিমন্ত বিশ্ব শৰ্মাই।



কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আধাৰশিলা স্থাপন কৰা গণেশগুৰিৰ উৰণীয়া সেঁতুৰ চানমাৰিৰ দিশত অতিৰিক্ত বাহুৰ নিৰ্মাণস্থলীও পৰিদৰ্শন কৰি সংশ্লিষ্ট লোকৰ সৈতে যান-বাহনৰ পথৰ সাল-সলনিৰ বিষয়ে আলোচনা কৰে মন্ত্ৰীগৰাকীয়ে।

আৰু চাওক পৰৱৰ্তী বাতৰি