• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটীত ভয়াৱহভাৱে বৃদ্ধি কোৰোণা ৰোগীৰ সংখ্যা, অভাৱ ঘটিছে চিকিৎসালয়ৰ!

গুৱাহাটীত ভয়াৱহভাৱে বৃদ্ধি কোৰোণা ৰোগীৰ সংখ্যা, অভাৱ ঘটিছে চিকিৎসালয়ৰ!

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় – মহানগৰীত কোৰোণা আক্ৰান্ত ৰোগীৰ সংখ্যা ভয়াৱহ হাৰত বৃদ্ধি হোৱাৰ দৰে অন্য জিলাত হোৱা নাই, হ’লে লকডাউন সম্পৰ্কত নতুন চিন্তা কৰা হ’ব।

  • Share this:
ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি হোৱা কোৰোণা ৰোগীৰ সংখ্যাৰ তুলনাত অভাৱ ঘটিছে চিকিৎসালয়ৰ। সেয়েহে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অন্য ঠাইৰ চিকিৎসালয়ো কোৰোণা চিকিৎসাললৈ পৰিণত কৰিছে। দক্ষিণ কামৰূপৰ বঙৰাস্থিত পতঞ্জলি কোৱাৰেণ্টাইন কেন্দ্ৰক ৰূপন্তৰ কৰিলে কোৰোণা চিকিৎসালয়লৈ। মন্ত্ৰীগৰাকী উপস্থিত হৈ পতঞ্জলি কোৱাৰেণ্টাইন কেন্দ্ৰত ২৫০জন কোৰোণা আক্ৰান্ত ৰোগী থাকিব পৰা ব্যৱস্থাৰে অহা সোমবাৰৰ পৰা কোভিড–১৯ আক্ৰান্ত ৰোগীৰ চিকিৎসা কৰিব  বুলি মন্তব্য কৰে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় – মহানগৰীত কোৰোণা আক্ৰান্ত ৰোগীৰ সংখ্যা ভয়াৱহ হাৰত বৃদ্ধি হোৱাৰ দৰে অন্য জিলাত হোৱা নাই, হ’লে লকডাউন সম্পৰ্কত নতুন চিন্তা কৰা হ’ব। আনহাতে, মহানগৰীত লকডাউনৰ কথা ঘোষণা কৰাৰ পিছৰে পৰা একাংশ অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি কৰা ঘটনাত উদ্বেগ প্ৰকাশ কৰি হিমন্ত বিশ্ব শৰ্মাই মহানগৰ জিলা উপায়ুক্তৰে আলোচনাত মিলিত হৈ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। পুৰ্বতকৈ বহিঃৰাজ্যৰ পৰা অহা ৰে’ল আৰু বিমানযাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাত কোৰোণা আক্ৰান্ত ৰোগীৰ সংখ্যা কমিব বুলিও মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
First published: