• Home
  • »
  • News
  • »
  • assam
  • »
  • চৰাইদেউ জিলাত ২৬জনকৈ লোকৰ দেহত কোভিদ-১৯ পজিটিভ ধৰা পৰা পিছত সোণাৰিত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

চৰাইদেউ জিলাত ২৬জনকৈ লোকৰ দেহত কোভিদ-১৯ পজিটিভ ধৰা পৰা পিছত সোণাৰিত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

হিমন্ত বি‍শ্ব শৰ্মাই আশা প্ৰকাশ কৰে যে পৰিস্থিতি স্বাভাৱিক হ'লে নৱেম্বৰ মাহত চৰাইদেউত প্ৰস্তাৱিত মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব পৰা হ'ব।

হিমন্ত বি‍শ্ব শৰ্মাই আশা প্ৰকাশ কৰে যে পৰিস্থিতি স্বাভাৱিক হ'লে নৱেম্বৰ মাহত চৰাইদেউত প্ৰস্তাৱিত মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব পৰা হ'ব।

হিমন্ত বি‍শ্ব শৰ্মাই আশা প্ৰকাশ কৰে যে পৰিস্থিতি স্বাভাৱিক হ'লে নৱেম্বৰ মাহত চৰাইদেউত প্ৰস্তাৱিত মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব পৰা হ'ব।

  • Share this:
অসমত গণ সংক্ৰমণ হোৱা নাই। বহিঃৰাজ্যৰ পৰা অহা ট্ৰাক ড্ৰাইভাৰৰ বাবে কোনো লোক কোভিদ-১৯ত আক্ৰান্ত হোৱাৰ আশংকা প্ৰকাশ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

চৰাইদেউ জিলাৰ ২৬ জনকৈ লোকৰ দেহত কোভিদ-১৯ পজিটিভ ধৰা পৰা পিছত সোণাৰিত উপস্থিত হ'ল স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

ৰাজ্যত সম্প্ৰতি কোৰণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে জনসাধাৰণক সুৰক্ষিত ৰাখিবলৈ চৰকাৰীভাৱে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বুজ ল'বলৈ সোণাৰিত উপস্থিত হ'ল স্বাস্থ্য মন্ত্ৰীগৰাকী।

সোণাৰিত উপস্থিত হৈ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সোণাৰিৰ ৰজাপুখুৰীস্থিত চৰাইদেউ অসামৰিক চিকিৎসালয়ৰ কোভিড ৱাৰ্ডত ১৬খন বিছনাৰ ঠাইত ২৫খন কৰিবলৈ নিৰ্দেশ দিয়ে। চৰাইদেউ জিলাৰ লোকসকলৰ ৰেপিড চেম্পল লবলৈ আইচিএমআৰক আহ্বান জনোৱা বুলি জনায় মন্ত্ৰীগৰাকীয়ে।

হিমন্ত বি‍শ্ব শৰ্মাই আশা প্ৰকাশ কৰে যে পৰিস্থিতি স্বাভাৱিক হ'লে নৱেম্বৰ মাহত চৰাইদেউত প্ৰস্তাৱিত মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব পৰা হ'ব। চৰাইদেউ জিলাত ৰাজহুৱা সংক্ৰমণ হোৱা নাই। কোৱাৰেণ্টাইন ব্যৱস্থা অতি কঠোৰভাৱে সফল কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰী শৰ্মাই।

চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ত নিশা আহি উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে জিলাখনৰ স্বাস্থ্য, আৰক্ষী প্ৰশাসন, গড়কাপ্তানী আৰু শিক্ষা বিভাগৰ জ্যেষ্ঠ বিভাগৰ লগত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে।

বৈঠকত ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, লোকসভাৰ  সাংসদদ্বয় তপন কুমাৰ গগৈ, পল্লৱ লোচন দাস , অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা, যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ, জিলা উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী সকল উপস্থিত থাকে।
First published: