• Home
  • »
  • News
  • »
  • assam
  • »
  • ১৯৯৫ চনৰ পৰা বিনা বেতনেৰে শিক্ষাদান কৰি অহা শিক্ষক আকৌ হ'ল বঞ্চিত! কান্দি কান্দি শিক্ষামন্ত্ৰীৰ কনভয়ক দিলে বাধা

১৯৯৫ চনৰ পৰা বিনা বেতনেৰে শিক্ষাদান কৰি অহা শিক্ষক আকৌ হ'ল বঞ্চিত! কান্দি কান্দি শিক্ষামন্ত্ৰীৰ কনভয়ক দিলে বাধা

শনিবাৰে বছৰ বছৰ ধৰি বেতন বঞ্চিত হৈ শিক্ষাদান কৰি অহা ৪৫১১ গৰাকী শিক্ষকৰ পদ নিয়মীয়াকৰণ কৰা হয়

শনিবাৰে বছৰ বছৰ ধৰি বেতন বঞ্চিত হৈ শিক্ষাদান কৰি অহা ৪৫১১ গৰাকী শিক্ষকৰ পদ নিয়মীয়াকৰণ কৰা হয়

শনিবাৰে বছৰ বছৰ ধৰি বেতন বঞ্চিত হৈ শিক্ষাদান কৰি অহা ৪৫১১ গৰাকী শিক্ষকৰ পদ নিয়মীয়াকৰণ কৰা হয়

  • Share this:
নিৰ্বাচনৰ প্ৰাকক্ষণক ৰাজ্যৰ শিক্ষক সমাজক সন্তুষ্ট কৰাৰ চেষ্টা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অহা ৫ ফেব্ৰুৱাৰীত পূৰ্বৰ অভিলেখ ভংগ কৰি একেদিনাই ৩০ হাজাৰ শিক্ষকক বিতৰণ কৰিব নিযুক্তি পত্ৰ ৷ আৰু তাৰ প্ৰাকক্ষণত শনিবাৰে বছৰ বছৰ ধৰি বেতন বঞ্চিত হৈ শিক্ষাদান কৰি অহা ৪৫১১ গৰাকী শিক্ষকৰ পদ নিয়মীয়াকৰণ কৰা হয় ৷ যিসমূহ পদ পূৰ্বে ১৯৮৯, ৯০, ৯১ আৰু ২০০১ চনত নিযুক্তি লাভ কৰিছিল ৷ যদিও সেয়া আছিল পদ অবিহনে নিযুক্তি হোৱা শিক্ষক ৷ কোৰ্ট, কাছাৰীৰ অন্তত অৱশেষত সেইসকল বেতন বঞ্চিত শিক্ষকক নতুনকৈ নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছিল ৰাজ্য চৰকাৰে ৷ অৱশ্যে এনে নিযুক্তি একাংশৰ ক্ষেত্ৰতহে হ'ল যদিও বহুখিনি এতিয়াও বাকী ৷

বছৰ বছৰ ধৰি বিনা বেতনত চাকৰি কৰি থকাৰ পাছতো এই নিযুক্তিয়ে সামৰি নলোৱা একাংশ শিক্ষকৰ প্ৰতিবাদত খানাপাৰাৰ বাহিৰত সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতি ৷ হিমন্ত বিশ্বৰ চলন্ত বাহনত বাধা নিযুক্তি বঞ্চিত শিক্ষকৰ ৷ আনকি মন্ত্ৰীৰ বাহনক বাধা প্ৰধান কৰিবলৈ গৈ আঘাতপ্ৰাপ্ত হয় জোনাই এগৰাকী মহিলা শিক্ষয়ত্ৰী ৷

১৯৯৫ চনত শিক্ষয়ত্ৰীগৰাকীয়ে লাভ কৰিছিল নিযুক্তি ৷ কিন্তু শিক্ষয়ত্ৰীগৰাকীয়ে আজিলৈকে নাপালে চৰকাৰী বেতন ৷ কেৱল এইগৰাকী শিক্ষয়ত্ৰীয়েই নহয়, এনে বহু বেতন বঞ্চিত শিক্ষকৰ বাধাৰ সন্মুখীন হ'ল নিযুক্তি পত্ৰ বিতৰণ কৰি ওলাই অহা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ একাংশ শিক্ষকৰ প্ৰশ্ন - 'কিয় একাংশক বঞ্চিত কৰি প্ৰদান হ'ল নিযুক্তিপত্ৰ ৷ মাংস, মাছ নহয় ডালিৰেই আমাক ভাত খাবলৈ দিয়ক।'

পিছে ৰাজ্য চৰকাৰৰ এই নিযুক্ত পৰ্বত যে আঁসোৱাহ আছে সেয়া স্পষ্ট ৷ কিয়নো নিযুক্ত পত্ৰ ল'বলৈ নিমন্ত্ৰণ কৰি অনাৰ পিছতো হাইলাকান্দিৰ ৩৪০ গৰাকী শিক্ষকক দিয়া নহ'ল নিযুক্তিপত্ৰ ৷ কাৰণ জিলা উপাযুক্তৰ মতে, এই তালিকা বিসংগতিপূৰ্ণ ৷

এনেদৰে নিৰ্বাচনৰ আগত দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈ গৈ বিপদত পৰিল ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ অৱশ্যে ইয়াৰ মাজতে একাংশ নিযুক্তি প্ৰাপ্ত শিক্ষকৰ মুখত বিৰিঙিল হাঁহি ৷
Published by:Himangshu Bhuyan
First published: