বৰপেটা, ১৫ আগষ্টঃ বৰপেটাত দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন। স্বাধীনতা দিৱসৰ জাতীয় পতাকা উত্তোলন কৰে ৰাজ্যৰ সমবায় আৰু শক্তি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছাই। পতাকা উত্তোলনৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে শ্বহীদ বেদীৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। পতাকা উত্তোলনৰ পিচতে মন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা ভাষণত জিলাখনৰ উন্নয়ন আৰু বিকাশৰ বাবে গ্ৰহণ কৰা আঁচনিসমুহৰ বিষয়ে উল্লেখ কৰে ৷
ইয়াৰ পিচতে মন্ত্ৰীগৰাকীয়ে অভিবাদন গ্ৰহণ কৰে। আৰক্ষীৰ বিভিন্ন বাহিনীৰ লগতে গৃহৰক্ষী বাহিনী, কেইবাখনো বিদ্যালয়, মহাবিদ্যালয়ৰ এন চি চি কেডেট আৰু স্কাউট আৰু গাইডৰ দলসমূহে অভিবাদন জনায়। এইবেলি প্ৰথমবাৰৰ বাবে বৰপেটা পৌৰসভা খেল পথাৰত উদযাপন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বৃহৎ সংখ্যক নাগৰিকে অংশগ্ৰহণ কৰে। আনহাতে, বৰপেটা আৰক্ষীৰ বাইক ৰাইডাৰ্ছ'ৰ কৌশল প্ৰদৰ্শন আছিল এইবাৰৰ স্বাধীনতা দিৱসৰ বিশেষ আকৰ্ষণ ৷ অনুষ্ঠানত বৰপেটা জিলা প্ৰশাসনৰ প্ৰতীকপট প্ৰদৰ্শনৰ পিচতে বৰপেটাৰ বিবিধ সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়।