জ্বলিয়ে থাকিব নেকি বাঘজানৰ জুই? আঢ়ৈ মাহ পিছত আহিব কানাডাৰ বিশেষজ্ঞৰ দল

জুই নিৰ্বাপনত ব্যৰ্থ নেকি ৰাজ্য চৰকাৰ৷ অসম বিধানসভাৰ মজিয়াত প্ৰশ্ন বিধায়ক দুৰ্গা ভূমিজৰ৷
জুই নিৰ্বাপনত ব্যৰ্থ নেকি ৰাজ্য চৰকাৰ৷ অসম বিধানসভাৰ মজিয়াত প্ৰশ্ন বিধায়ক দুৰ্গা ভূমিজৰ৷
- News18 Assam
- Last Updated: September 2, 2020, 6:47 PM IST
জুই নিৰ্বাপনত ব্যৰ্থ নেকি ৰাজ্য চৰকাৰ৷ অসম বিধানসভাৰ মজিয়াত প্ৰশ্ন বিধায়ক দুৰ্গা ভূমিজৰ৷ একে সময়তে বাঘজানৰ ঘটনাত ক্ষতিগ্ৰস্ত বহু পৰিয়াল তথা লোকে আজিলৈ ক্ষতিপূৰণ নোপোৱাৰো অভিযোগ৷ আনকি ঘটনাস্থলীত জুই নিৰ্বাপনৰ বাবে চৰকাৰক এৰি দিয়া বহু পৰিয়ালে ভূমিৰ মূল্য নোপোৱাৰ অভিযোগ দুৰ্গা ভূমিজৰ৷
দূৰ্গা ভূমিজৰ এই অভিযোগৰ বিপৰীতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ঘোষণা – বাঘজানত ঘৰ–বাৰী ভস্মীভূত হোৱা ২০টা পৰিয়ালক ২০ লক্ষ টকা প্ৰদান কৰা হৈছে৷ ক্ষতিগ্ৰস্ত ১৪৮৪টা পৰিয়ালক ৩০ হাজাৰ টকাকৈ ক্ষতিপূৰণ দিছে৷ এয়াই নহয় জিলা উপায়ুক্তৰ তদন্ত কৰি পোৱা তথ্যৰ ভিত্তিত ৫৭টাতকৈ অধিক ক্ষতিগ্ৰস্ত পৰিয়াল চিনাক্ত কৰা হৈছে৷ যিকেইটা পৰিয়ালক আকৌ ১০ লাখ টকাকৈ প্ৰদানৰ আশ্বাস দিয়া হৈছে৷