বিটিআৰত দক্ষতা বিকাশ, নিযুক্তি আৰু উদ্যোগ খণ্ডৰ বিকাশৰ মিছন উদ্বোধন কৰিলে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে৷ বিটিচিৰ মুখ্য সচিব শান্তনু পি গোটমাৰেই আদৰণি ভাষণ ৰখা অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলনেৰে মুখ্য অতিথি তথা অসমৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উদ্বোধন কৰে৷ কোকৰাঝাৰ চহৰৰ চান্দামাৰিস্থিত বডোফা সাংস্কৃতিক ক্ষেত্ৰৰ অপেন থিয়েটাৰ গেলেৰীত আয়োজন কৰা হয় উক্ত অনুষ্ঠান৷ উদ্বোধনী অনুষ্ঠানৰ পিছত মন্ত্ৰী পাটোৱাৰীয়ে বিটিআৰ পৰিষদীয় চৰকাৰে সাম্প্ৰতিক আধুনিক তথ্য-প্ৰযুক্তি আৰু বিজ্ঞানৰ চমকপ্ৰদ উন্নয়নৰ লগতে কাৰিকৰী কৌশল বিকশিত হোৱাৰ সময়ত অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ উপৰিও উদ্যোগৰ প্ৰসাৰ, নিযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি যি পৰিকল্পনা গ্ৰহণ কৰিছে সেয়াই সকলোৰে বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি মন্তব্য কৰে৷
তদুপৰি কোকৰাঝাৰৰ বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দক্ষতা বিকাশ আৰু কৌশল উদ্ভাৱনী গোটে কাৰিকৰী দিশৰ উন্নয়নৰ বাবে যি প্ৰচেষ্টা অব্যাহত ৰাখিছে তাত সন্তুষ্টি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে৷ লগতে মহাবিদ্যালয়খনৰ এনে দক্ষতা বিকাশসহ কাৰিকৰী কৌশল, উদ্ভাৱনী প্ৰতিভাক আগুৱাই নিয়াৰ ক্ষেত্ৰত অসম চৰকাৰৰ তৰফৰ পৰা সহযোগিতা আগবঢ়াই যাব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে৷
স্কীল এমপ্লইমেণ্ট আৰু এণ্টাৰপ্ৰেনাৰশ্বিপ বিভাগৰ পৰা যিটো ৰোডমেপ আগবঢ়াইছে সেইখন যদি বাস্তৱত ৰূপায়িত কৰিব পৰা যায়, তেন্তে উঠি অহা নৱ প্ৰজন্মৰ সংস্থাপনৰ ক্ষেত্ৰত কোনো অসুবিধা নহ’ব বুলি আশা প্ৰকাশ কৰে পাটোৱাৰীয়ে। সেয়ে মিছন মুডত যাতে এই স্কীল ডেভেল’পমেণ্টটো আগবঢ়াই লৈ যায় তাৰ বাবে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু বিভাগীয় কাৰ্যবাহী সদস্য উইলচন হাচদাক আহবান জনায়।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|