কোভিড নিয়ন্ত্ৰণৰ বাবে বোকাখাত পৌৰসভা এলেকাত আৰক্ষী–অৰ্ধসামৰিক বাহিনীয়ে আজি ফ্লেগ মাৰ্চ কৰে ৷ গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰবীন কুমাৰৰ নেতৃত্বত বিশাল বাহিনীয়ে ফ্লেগমাৰ্চ কৰি জনসাধাৰণক বাসগৃহতে থকাৰ আহ্বান জনায় ৷ বোকাখাত আৰক্ষী থানাৰ সন্মুখৰ পৰা খোজ কাঢ়ি কৰা ফ্লেগ মাৰ্চৰ সময়ত পৌৰসভা এলেকা পৰিভ্ৰমণ কৰে ৷
উল্লেখ্য, ক্ৰমে জটিলৰ পৰা জটিল হৈছে গোলাঘাট জিলাৰ কোভিড পৰিস্থিতি৷ মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে শুকুৰবাৰেই গোলাঘাট জিলাত উপস্থিত হয় এনে পৰিস্থিতিৰ বাবে ৷ আজি পুৱা বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত এখন সভাৰ পাছতেই নগৰাঞ্চলত ফ্লেগ মাৰ্চ কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ দেওবাৰে গোলাঘাট নগৰ আৰু সোমবাৰে সৰুপথাৰ নগৰত কোভিড নিয়ন্ত্ৰণৰ বাবে কৰিব ফ্লেগ মাৰ্চ ৷ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ঘোষণাৰ পাছতেই তৎপৰ হৈছে আৰক্ষী বিভাগো ৷
পুৱা উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে বোকাখাত মহকুমাৰ কোভিড পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে৷ মন্ত্ৰী পাটোৱাৰীয়ে ব্যাপক হাৰত কোভিড টেষ্টিং কৰাৰ লগতে প্রতিষেধক প্ৰদান, আগন্তুক ১০ দিনলৈ প্ৰশাসন আৰু আৰক্ষী বিভাগক কোভিড নীতি-নির্দেশনা ভংগকাৰীৰ ক্ষেত্ৰত কঠোৰ হ'বলৈ নির্দেশ দিয়ে ৷
উল্লেখ্য, বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই পৰ্যালোচনা সভাত কৃষি, পশু পালন ও পশু চিকিৎসা আদি বিভাগৰ মন্ত্রী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰা, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, গোলাঘাট জিলাৰ নৱনিযুক্ত উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, আৰক্ষী অধীক্ষক ৰবীন কুমাৰ, মহকুমাধিপতি বিপুল দাস, মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকাৰ লগতে মহকুমা প্ৰশাসন, স্বাস্থ্য বিভাগ, জনস্বাস্থ্য-কাৰিকৰী বিভাগ, খণ্ড-উন্নয়ন বিভাগ তথা পৰিবহণ বিভাগৰ উচ্চ পদস্থ বিষয়া প্ৰমুখ্যে বিজেপি আৰু অগপ দলৰ বিষয়াসকল উপস্থিত থাকে।
সভাত কৃষিমন্ত্ৰী অতুল বৰাই কোভিড-১৯ সন্দৰ্ভত ৰাইজক আৰু অধিক সজাগ হ'বলৈ আহ্বান জনোৱাৰ লগতে আৰক্ষী-প্ৰশাসনক আইচ'লেচনত থকা আৰু মাইক্র'কনটেইনমেণ্ট জ'নৰ পৰিয়ালসমূহলৈ খাদ্য সামগ্ৰীৰ লগতে যাৱতীয় সামগ্ৰীৰ যোগান ধৰিবলৈ নির্দেশ দিয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|