• Home
  • »
  • News
  • »
  • assam
  • »
  • দুদিনীয়া কাৰ্যসূচীৰে কলিয়াবৰত চৰকাৰী কামৰ খতিয়ান ল'লে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

দুদিনীয়া কাৰ্যসূচীৰে কলিয়াবৰত চৰকাৰী কামৰ খতিয়ান ল'লে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

সোমবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচীত কলিয়াবৰৰ দুখনকৈ বিদ্যালয় পৰিদৰ্শন কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

সোমবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচীত কলিয়াবৰৰ দুখনকৈ বিদ্যালয় পৰিদৰ্শন কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

সোমবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচীত কলিয়াবৰৰ দুখনকৈ বিদ্যালয় পৰিদৰ্শন কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

  • Share this:
দেওবাৰে প্ৰথমটো কাৰ্যসূচী হিচাপে কলিয়াবৰৰ শান্তিপুৰস্থিত ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। শান্তিপুৰস্থিত ধান ক্ৰয় কেন্দ্ৰত এই পৰ্যন্ত ৮১৫জন কৃষকে ধান বিক্ৰী কৰি লাভ কৰি ৮ কোটি ১১ লাখ ৭ হাজাৰ ৭২ টকা। ৬০ হাজাৰ কুইণ্টল ধান ক্ৰয়ৰ লক্ষ্যৰে শান্তিপুৰ ধান ক্ৰয় কেন্দ্ৰই এই পৰ্যন্ত ক্ৰয় কৰিলে প্ৰায় ৪৯ হাজাৰ কুইণ্টল ধান।

ইতিমধ্যে প্ৰায় ৪৫ হাজাৰ কুইণ্টল চাউল ভাৰতীয় খাদ্য নিগমলৈ প্ৰেৰণ কৰা তথ্য প্ৰকাশ কৰে মন্ত্ৰী পাটোৱাৰীয়ে। ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শনৰ পাছতে কলিয়াবৰৰ দুখনকৈ সুলভ মূল্যৰ দোকান পৰিদৰ্শন কৰে মন্ত্ৰী পাটোৱাৰীয়ে। সুলভ মূল্যৰ দোকানে-দোকানে গৈ ৰিপ’ৰ্ট ল’লে মন্ত্ৰী পাটোৱাৰীয়ে। সুলভ মূল্যৰ দোকানৰ পৰা গ্ৰামাঞ্চলৰ গ্ৰাহক উপকৃত হৈছে নে নাই, লগতে উন্নত মানৰ চাউল গ্ৰাহকে লাভ কৰিছেনে নাই, সেয়া পৰ্যবেক্ষণ কৰে মন্ত্ৰী পাটোৱাৰীয়ে।

দেওবাৰৰ দিনটোতে কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ত এখন বিশেষ বৈঠকত কেইবাটাও চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰীৰে বিভিন্ন বিষয় সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হয় মন্ত্ৰী পাটোৱাৰী।

আনহাতে, সোমবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচীত কলিয়াবৰৰ দুখনকৈ বিদ্যালয় পৰিদৰ্শন কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। হাটবৰস্থিত কলিয়াবৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কুঁৱৰীটোল উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে। বিদ্যালয়ৰ প্ৰতিটো শ্ৰেণীকোঠালৈ গৈ শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰাৰ লগতে শিক্ষাৰ্থীসকলক উদ্দেশ্যি ব্যৱহাৰিক জ্ঞান সন্দৰ্ভত আলোচনা কৰে মন্ত্ৰী পাটোৱাৰীয়ে। শিক্ষকৰ সৈতে মত-বিনিময় কৰি শৈক্ষিক ক্ষেত্ৰখনৰ বিষয়ে বুজ ল’লে মন্ত্ৰীগৰাকীয়ে।

কুঁৱৰীটোল উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষক ৰূপত অৱতীৰ্ণ হয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। লগতে বিদ্যালয়ত বৃক্ষৰোপণো কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে  দুদিনীয়া চৰকাৰী কাৰ্যসূচীৰে কলিয়াবৰত উপস্থিত হৈ বিভিন্ন বিভাগৰ কাম-কাজ পৰিদৰ্শন কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।
Published by:Sanjay Kumar Das
First published: