CAAৰ জৰিয়তে অসমত ক'ত সংস্থাপিত হ'ল বিদেশী? বিৰোধী কংগ্ৰেছ-AIUDFক এজাউৰি মন্ত্ৰী পাটোৱাৰীৰ

News18 Assam | News18-Assam
Updated:August 31, 2020, 4:18 PM IST
CAAৰ জৰিয়তে অসমত ক'ত সংস্থাপিত হ'ল বিদেশী? বিৰোধী কংগ্ৰেছ-AIUDFক এজাউৰি মন্ত্ৰী পাটোৱাৰীৰ
পাটোৱাৰীয়ে ক'লে- “অসমৰ ২৬ হাজাৰখন গাঁৱৰ এখন গাঁও দেখুৱাই দিয়ক, যিখনত এজন হ'লেও বিদেশী CAAৰ জৰিয়তে সংস্থাপিত হৈছে৷”

পাটোৱাৰীয়ে ক'লে- “অসমৰ ২৬ হাজাৰখন গাঁৱৰ এখন গাঁও দেখুৱাই দিয়ক, যিখনত এজন হ'লেও বিদেশী CAAৰ জৰিয়তে সংস্থাপিত হৈছে৷”

  • Share this:
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি আন্দোলন হোৱাৰ পিছত অসম বিধানসভাৰ মজিয়াত এইবাৰ ৰুদ্ৰমূৰ্তি ধৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷ বিৰোধী কংগ্ৰেছ-AIUDFক এজাউৰি দি পাটোৱাৰীয়ে ক’লে – CAAৰ জৰিয়তে যদি অসমত এজনো বিদেশী সংস্থাপিত হৈছে, তেন্তে বিৰোধীয়ে দেখুৱাই দিয়ক৷

সমগ্ৰ অসমত চলিছিল নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলন৷ ৰাইজৰ প্ৰতিবাদক আওকান কৰি BJP নেতৃত্বাধীন চৰকাৰে উভয় সদনতে গৃহীত কৰিছিল নাগৰিকত্ব সংশোধনী বিধেয়ক৷ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছত জ্বলি উঠিছিল সমগ্ৰ ৰাজ্য৷ জ্বলি উঠিছিল ৰাজধানী গুৱাহাটী৷ ছহীদ হৈছিল পাঁচ যুৱক৷

কিন্তু CAAৰ প্ৰসংগ টানি আনি অসম বিধানসভাৰ মজিয়াত বিৰোধী কংগ্ৰেছ আৰু AIUDFক এজাউৰি দিলে জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷ পাটোৱাৰীয়ে ক'লে- “অসমৰ ২৬ হাজাৰখন গাঁৱৰ এখন গাঁও দেখুৱাই দিয়ক, যিখনত এজন হ'লেও বিদেশী CAAৰ জৰিয়তে সংস্থাপিত হৈছে৷ আমি ক'তো এজনো বিদেশীক সংস্থাপিত কৰা নাই৷”

মন্ত্ৰী পাটোৱাৰীয়ে বিৰোধী কংগ্ৰেছ-AIUDFৰ বিৰুদ্ধে আৱেগিক কথাৰে ৰাইজক পৰিচালিত কৰিছিল বুলি অভিযোগ কৰি কয় – “আবেগিক কথাৰে ৰাইজক পৰিচালিত কৰিব নাপায়৷ সঁচাকৈ আন্দোলন কৰক, তাত ক'বলৈ একো নাই৷ ৰাইজে এতিয়া দেখিছে নহয় কথাবোৰ৷”

মন্ত্ৰী পাটোৱাৰীয়ে বিৰোধীৰ বিৰুদ্ধে এই অভিযোগ তুলি লগতে ক'লে- “অসম দেশৰ অন্য ৰাজ্যৰ লগত নিমিলে৷ অসম শংকৰ-আজানৰ দেশ৷ আমি সকলো এই দেশত মিলা-প্ৰীতিৰে বসবাস কৰি আহিছো৷”
Published by: Sanjay Kumar Das
First published: August 31, 2020, 4:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading