অসম চৰকাৰে ক্ৰয় কৰিলে কাগজ কলৰ সা-সম্পত্তি
অসম চৰকাৰে ক্ৰয় কৰিলে কাগজ কলৰ সা-সম্পত্তি
জাগীৰোডৰ নগাঁও কাগজ কলত সোমবাৰে উপস্থিত হয় ৰাজ্যৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত ৰাষ্ট্ৰীয় কোম্পানী আইন প্ৰাধিকৰণে অসম চৰকাৰক (Assam Government) আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰে কাগজ কলৰ সম্পত্তি ৷
ইয়াৰ লগে লগে অসম চৰকাৰৰ হাতলৈ আহিল হিন্দুস্তান কাগজ নিগমৰ অধীনৰ জাগীৰোডৰ নগাঁও আৰু পাঁচগ্ৰামৰ কাছাৰ কাগজ কল (Nagaon Paper mill) ৷ অসম চৰকাৰৰ কেবিনেটে অনুমোদন জনোৱাৰ পিছতে সোমবাৰৰ লিকুইডেটৰক ৰাজ্য চৰকাৰে আদায় দিয়ে ৩৭৫ কোটি টকা ৷
অসম চৰকাৰৰ হৈ অসম উদ্যোগিক উন্নয়ন নিগমে অংশ লৈছিল কাগজ কল নিলাম প্ৰক্ৰিয়াত ৷ আৰু অৱশেষত অসম চৰকাৰে ৩৭৫ কোটি টকাত ক্ৰয় কৰে নগাঁও আৰু কাছাৰ কাগজ কলৰ সকলো সা-সম্পত্তি ৷
উক্ত অনুষ্ঠানত উপস্থিত থাকি কাগজ কল কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ হোৱাৰ পথত অগ্ৰসৰ হোৱাৰ লগতে সকলো কৰ্মচাৰীক শীঘ্ৰেই প্ৰাপ্য ধন আদায় দিয়া হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে (Chandramohan Patowari) ৷
আজি এক ঐতিহাসিক দিন বুলি মন্তব্য কৰি কাগজ কলৰ ভূমিক লৈ শীঘ্ৰেই অসম চৰকাৰে নতুন পৰিকল্পনা গ্ৰহণ কৰিব বুলিও মন্তব্য মন্ত্ৰীগৰাকীৰ ৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|