உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • পুৱাই সদলবলে বশিষ্টৰ পৰা গড়ভাংগালৈ ট্ৰেকিং কৰিলে মন্ত্ৰী বিমল বৰাই

    পুৱাই সদলবলে বশিষ্টৰ পৰা গড়ভাংগালৈ ট্ৰেকিং কৰিলে মন্ত্ৰী বিমল বৰাই

    বিষয়া, কৰ্মচাৰী, খেলুৱৈৰ সৈতে ৮ কিলোমিটাৰ ট্ৰেকিং কৰিলে ক্ৰীড়া মন্ত্ৰীয়ে।

    বিষয়া, কৰ্মচাৰী, খেলুৱৈৰ সৈতে ৮ কিলোমিটাৰ ট্ৰেকিং কৰিলে ক্ৰীড়া মন্ত্ৰীয়ে।

    বিষয়া, কৰ্মচাৰী, খেলুৱৈৰ সৈতে ৮ কিলোমিটাৰ ট্ৰেকিং কৰিলে ক্ৰীড়া মন্ত্ৰীয়ে।

    • Share this:
    দেওবাৰৰ পুৱাই গুৱাহাটীৰ এক ট্ৰেকিং কাৰ্য্যসূচীত অংশ ল'লে ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিমল বৰাই। মহানগৰীৰ বশিষ্ট মন্দিৰৰ পৰা গড়ভাংগালৈ ক্ৰীড়া মন্ত্ৰী বিমল বৰাই ট্ৰেকিং কৰাৰ সময়ত তেওঁক সহযোগ কৰিছিল ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক নিবেদন দাস পাটোৱাৰী প্ৰমুখ্যে ক্ৰীড়া বিভাগৰ অন্যান্য বিষয়া, কৰ্মচাৰী, খেলুৱৈ, অসম পৰ্বতাৰোহন সন্থাৰ কৰ্মকৰ্তা আৰু পৰ্য্যটন বিভাগৰ বিষয়াসকলে।

    মন্ত্ৰী বিমল বৰাই বশিষ্টৰ পৰা গড়ভাংগালৈ ৮ কিলোমিটাৰ ট্ৰেকিং কৰাৰ লগতে তেওঁ গড়ভাংগাৰ মনোমোহা জলপ্ৰপাত প্ৰত্যক্ষ কৰে। গড়ভাংগাৰ জলপ্ৰপাতটো পৰ্য্যটকৰ আকৰ্ষণস্থলী কৰিব পাৰি নেকি তাৰ বাবেও চিন্তা চৰ্চা কৰে ক্ৰীড়া মন্ত্ৰী গৰাকীয়ে। ক্ৰীড়া আৰু পৰ্য্যটন বিভাগৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত গড়ভাংগাৰ পৰ্য্যটন স্থলিটো উন্নিত কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰী বিমল বৰাই। বশিষ্টৰ পৰা গড়ভাংগালৈ অহা যোৱা মুঠ ৮ কিলোমিটাৰ দূৰত্ব ট্ৰেকিং কৰি অভিভূত হে পৰে মন্ত্ৰী বিমল বৰা।
    Published by:Himangshu Bhuyan
    First published: