• Home
  • »
  • News
  • »
  • assam
  • »
  • Corruption in Govt Scheme : চৰকাৰী আঁচনিৰ কাম দেখি চকু কপালত উঠিল মন্ত্ৰী বিমাল বৰাৰ, ৰাইজৰ সন্মুখতে এশিকনি দিলে বিষয়া-বৰ্গক

Corruption in Govt Scheme : চৰকাৰী আঁচনিৰ কাম দেখি চকু কপালত উঠিল মন্ত্ৰী বিমাল বৰাৰ, ৰাইজৰ সন্মুখতে এশিকনি দিলে বিষয়া-বৰ্গক

হোজাইত মন্ত্ৰী বিমল বৰা

হোজাইত মন্ত্ৰী বিমল বৰা

Corruption in Govt Scheme : পিএমএৱাই আঁচনিৰ অধীনত নিৰ্মাণ হোৱা এটি ঘৰ চাই মন্ত্ৰী বিমল বৰা অবাক হৈ পৰে।

  • Share this:
আজি হঠাতে হোজাইৰ নীলবাগানত উপস্থিত হয় মন্ত্ৰী বিমল বৰা (Bimal Bora) ৷ মন্ত্ৰী গৰাকীয়ে বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত নীলবাগান গাঁও পঞ্চায়তত হোৱা এমজিএনৰেগাৰ কাম আৰু প্ৰধান মন্ত্ৰী আবাস যোজনা (PMAY)ৰ অধীনত নিৰ্মাণ হোৱা ঘৰ সমূহ পৰিদৰ্শন কৰে ৷ লগতে স্থানীয় একাংশ লোকৰ সৈতে মত বিনিময় কৰি উন্নয়নমূলক কাম কাজ,অৰুণোদয়, বৃদ্ধ পেঞ্চন আঁচনি আদি সন্দৰ্ভত বুজ লয় ৷ ই

ইয়াৰ মাজতে পঞ্চায়ত খনত হোৱা উন্নয়নমূলক কাম কাজ প্ৰতক্ষ্য কৰি  মন্ত্ৰী বিমল বৰাৰ চকু কপালত উঠে ৷ এক প্ৰকাৰ বিষয়াসকলৰ ওপৰত বিৰুদ্ধে হৈ পৰে মন্ত্ৰীগৰাকী ৷ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত নিৰ্মাণ হোৱা এটি ঘৰ দেখুৱাবলৈ লগত উপস্থিত থকা বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আৰু অভিযন্তাক নিৰ্দেশ দিয়ে ৷ সেই মৰ্মে তেওঁলোকে পঞ্চায়ত খনত পিএমএৱাই আঁচনিৰ অধীনত নিৰ্মাণ হোৱা এটি ঘৰ দেখুৱায় ৷ কিন্তু ঘৰটো চাই মন্ত্ৰী অবাক হৈ পৰে। কিয়নো PMAY আঁচনীৰ অধীনত নিৰ্মাণ হোৱা ঘৰটোৰ নক্সা সম্পূৰ্ণ ৰূপে সলনি কৰি পেলোৱা হৈছে ৷ ইয়াৰ পিছতে বিন্নাকান্দি উন্নয়ন খণ্ডত হোৱা উন্নয়নমূলক কাম কাজক লৈ তীব্ৰ অসন্তুষ্টি  প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷

সসকলো কামৰ তদন্ত কৰা হ'ব বুলি মন্ত্ৰী গৰাকীয়ে উপস্থিত ৰাইজক অৱগত কৰি উপস্থিত বিষয়াসকলক উদ্দেশ্যি মন্ত্ৰী গৰাকীয়ে কয়, "আপোনালোকৰ বাবেই চৰকাৰ বদনামী হৈছে।" মন্ত্ৰীৰ এই আকষ্মিক ভ্ৰমণৰ সময়ত মন্ত্ৰী বিমল বৰাৰ সৈতে আছিল বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া (BDO) শ্বেফালী চক্ৰৱৰ্তী, কনিষ্ঠ অভিযন্তা আলা উদ্দিন আহমেদকে প্ৰমুখ্য কৰি আন আন বিষয়া সকলে ৷

ইপিনে মন্ত্ৰীগৰাকীয়ে অনিয়মৰ কথা নিজ মুখে স্বীকাৰ কৰাৰ পাছত বিন্নাকান্দি উন্নয়ন খণ্ডত সংঘটিত সকলো দুৰ্নীতি আৰু অনিয়মৰ তদন্ত বিচাৰিছে ডবকাৰ সচেতন ৰাইজৰ লগতে একাংশ দল-সংগঠনে ৷
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি