உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • চাহ বাগিচা এলেকাত শিক্ষাৰ নতুন যুগৰ সূচনা! লাকুৱা নাহৰ হাবি চাহ বাগিচাত মুকলি হ'ল চৰাইদেউ জিলাৰ প্ৰথমখন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়

    চাহ বাগিচা এলেকাত শিক্ষাৰ নতুন যুগৰ সূচনা! লাকুৱা নাহৰ হাবি চাহ বাগিচাত মুকলি হ'ল চৰাইদেউ জিলাৰ প্ৰথমখন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়

    মন্ত্ৰী বিমল বৰা আৰু যোগেন মহনে উদ্বোধন কৰিলে বিদ্যালয়খন৷

    মন্ত্ৰী বিমল বৰা আৰু যোগেন মহনে উদ্বোধন কৰিলে বিদ্যালয়খন৷

    মন্ত্ৰী বিমল বৰা আৰু যোগেন মহনে উদ্বোধন কৰিলে বিদ্যালয়খন৷

    • Share this:
    চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত লাকুৱা নাহৰ হাবি চাহ বাগিচাত নৱ নিৰ্মিত অসম চৰকাৰৰ চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আজি শুভ উদ্বোধন কৰা হয় ৷ এই উপলক্ষে বিদ্যালয় খনৰ প্ৰাংগনত আয়োজন কৰা অনুষ্ঠানত উপস্থিত থাকি বিদ্যালয়খনৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ শক্তি, যুৱ কল্যাণ, সংস্কৃতিক পৰিক্ৰমা আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী বিমল বৰা,  মহমৰা বিধান সভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ৰাজহ খনি আৰু খনিজাত দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনৰ লগতে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷

    ৰাজ্যত মুঠ ১১৯ খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন প্ৰক্ৰিয়াৰ আজি প্ৰথম দিনা চৰাইদেউ জিলাৰ লাকুৱা নাহৰ হাবি বাগিচাত নিৰ্মাণ হোৱা বিদ্যালয় খন শুভ উদ্বোধন কৰি মন্ত্ৰী বিমল বৰাই বাগিচাখনত নতুনকৈ বিদ্যালয়  স্থাপনৰ যোগেদি অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকল উপযুক্ত শিক্ষাৰে শিক্ষিত হ'ব বুলি মন্তব্য কৰে। লগতে চাহ বাগিচা অঞ্চলৰ ছাত্ৰ-ছাত্ৰী যাতে ডাক্তৰ, ইঞ্জিনীয়াৰ, এচিএছ অফিচাৰ হয় আৰু আৰ্থিক দন্যতাৰ বাবে যাতে কোনো ছাত্ৰছাত্ৰী শিক্ষাৰ পৰা বঞ্চিত হ'ব লগা নহয় তাৰ বাবেই অসম চৰকাৰৰ এই পদক্ষেপ বুলি মন্তব্য কৰে৷

    ইয়াৰ উপৰিও মন্ত্ৰীগৰাকীয়ে কয় যে, অসমৰ ২০০ বছৰীয়া চাহ উদ্যোগটোৱে আগন্তুক দিনত প্ৰাণ পায় উঠিব। ন ন চিন্তাৰে নতুন নতুন বীজৰ অংকুৰিত হ'ব। চাহ বাগিচাৰ সেউজীয়া পৰিৱেশৰ মাজত সুন্দৰ সমাজ গঢ়ি তুলিব পাৰে সেই উদ্দেশ্যৰে আজি শুভ উন্মোচন কৰা হৈছে চাহ বাগিচা অঞ্চলত এইসমূহ আদৰ্শ মাধ্যমিক বিদ্যালয়। অনুষ্ঠানত চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱা, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিদ্যালয় পৰিদৰ্শক কমলজ্যোতি গগৈৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
    Published by:Himangshu Bhuyan
    First published: