মুখ্যপৃষ্ঠা »খবৰ »অসম »মৰিগাঁৱত ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আচঁনিৰ আৰ্থিক সাহাৰ্য প্ৰদানৰ শুভাৰম্ভ মন্ত্রী বিমল বড়াৰ

মৰিগাঁৱত ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আচঁনিৰ আৰ্থিক সাহাৰ্য প্ৰদানৰ শুভাৰম্ভ মন্ত্রী বিমল বড়াৰ

অসমৰ স্বামীহাৰা মহিলাসকলে যাতে স্বাভিমানেৰে আৰু সন্মান সহকাৰে প্ৰত্যাহ্বান নেওচি জীৱন যুঁজত আগুৱাই যাব পাৰে তাৰ বাবেই আৰ্থিক সাহায্য প্ৰদানৰ বাবে চৰকাৰে এই আচনি গ্ৰহণ কৰিছে।

অসমৰ স্বামীহাৰা মহিলাসকলে যাতে স্বাভিমানেৰে আৰু সন্মান সহকাৰে প্ৰত্যাহ্বান নেওচি জীৱন যুঁজত আগুৱাই যাব পাৰে তাৰ বাবেই আৰ্থিক সাহায্য প্ৰদানৰ বাবে চৰকাৰে এই আচনি গ্ৰহণ কৰিছে।

  • Share this:
মঙলবাৰে মৰিগাঁৱত ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আচঁনিৰ অধীনত আৰ্থিক সাহাৰ্য প্ৰদান শুভাৰম্ভ কৰে মন্ত্রী বিমল বড়াই । উক্ত অনুষ্ঠানত অংশগ্রহণ কৰি ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ , বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান দপ্তৰৰ মন্ত্রী বিমল বড়াই কয় যে,  "সাহস, ত্যাগ আৰু অসীম ধৈর্য্যৰে সমাজখনক নতুন দৃষ্টিৰে চোৱাৰ ক্ষেত্রত বিদূষী নাৰী ইন্দিৰা মিৰিয়ে দেখুৱাই যোৱা মানসিকতাৰে় আমাৰ আইমাতৃসকল আগবাঢ়িব লাগিব।"

মন্ত্রী বড়াই কয়  যে, অতি কম বয়সতে মাতৃ তথা স্বামীক হেৰুৱাইয়ো ভাগি নপৰি অদম্য মানসিকতাৰে উত্তৰ-পূৱ সীমান্ত অঞ্চল অৰুণাচলত স্বাধীনতাৰ অব্যৱহিত কালত শিক্ষা বিস্তাৰৰ কামত একাণপতীয়াভাৱে ইন্দিৰা মিৰিয়ে মনোনিবেশ কৰিছিল। তেখেতে ভাষণ প্ৰসংগত উল্লেখ কৰি অসমৰ স্বামীহাৰা মহিলাসকলে যাতে স্বাভিমানেৰে আৰু সন্মান সহকাৰে প্ৰত্যাহ্বান নেওচি জীৱন যুঁজত আগুৱাই যাব পাৰে তাৰ বাবেই আৰ্থিক সাহায্য প্ৰদানৰ বাবে চৰকাৰে এই আচনি গ্ৰহণ কৰিছে বুলি জনায়।

উল্লেখ্য যে, মৰিগাঁও চহৰৰ পবিতৰা হাট প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখনত জিলাখনৰ কেইবাগৰাকীও স্বামীহাৰা মহিলাক আনুষ্ঠানিকভাৱে মন্ত্রী বড়াই আৰ্থিক সাহায্য প্ৰদান কৰে৷। জানিব পৰা মতে, জিলাখনত মুঠ ৪৬৬ গৰাকী স্বামীহাৰা মহিলাক এই সাহাৰ্যৰে ধন প্ৰদানৰ বাবে বাচনি কৰা হৈছে।

মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষিতিশ চন্দ্র পেগুৱে সভাখনত আদৰণি ভাষণ প্রদান কৰে আৰু এই অনুষ্ঠানত স্থানীয় বিধায়ক ৰমাকান্ত দেউৰী, উপায়ুক্ত দেবাশীষ শৰ্মা, জিলা পৰিষদৰ সভানেত্রী ইছমা আৰা বেগম আৰু মৰিগাঁও পৌৰ সভাৰ পৌৰপতি যোগেশ তামুলীও উপস্থিত আছিল।

শেহতীয়া বাতৰি