
আজমলে পানী জৰা-ফুকা কৰি ভাল পায়। উন্নয়ন কি বদৰুদ্দিন আজমলে বুজি নাপায়। – ভৱেশ কলিতা।
আজমলে পানী জৰা-ফুকা কৰি ভাল পায়। উন্নয়ন কি বদৰুদ্দিন আজমলে বুজি নাপায়। – ভৱেশ কলিতা।
বিটিএডিত নিৰ্বাচন চমু চাপি অহাৰ লগে লগে আৰম্ভ হৈছে বোকা চটিওৱাৰ ৰাজনীতি। ৰঙিয়াৰ ডিমুত ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ বিস্ফোৰক মন্তব্য। অসমৰ বিভিন্ন দলৰ বিধায়ক, সাংসদে বিজেপি দললৈ অহাৰ বাবে ঢাপলি মেলিছে। হাগ্ৰামা মহিলাৰীৰ লগতে বিপিএফ দলৰ সকলোৱে বিজেপি দললৈ আগমন হোৱাৰ সম্ভাৱনা আছে বুলি কয় মন্ত্ৰীগৰাকীয়ে।
‘‘বিটিএডিৰ নিৰ্বাচনত বিজেপিয়ে পৰিষদীয় চৰকাৰ গঠন কৰিব। এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলে ক’ত কি কয় তাৰ হিচাপ নাই। পানী জৰা-ফুকা কৰি ভাল পায়। উন্নয়ন কি বদৰুদ্দিন আজমলে বুজি নাপায়। আজমলে যি কৰে তাৰ গুৰিত আছে কংগ্ৰেছ।’’ – মন্তব্য ভৱেশ কলিতাৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|