শিৱ বাবাৰ আশিস লৈ মনোনয়ন পত্ৰ দাখিল কৰিলে মন্ত্ৰী ভৱেশ কলিতাই

News18 Assam | News18-Assam
Updated:March 11, 2021, 3:59 PM IST
শিৱ বাবাৰ আশিস লৈ মনোনয়ন পত্ৰ দাখিল কৰিলে মন্ত্ৰী ভৱেশ কলিতাই
কংগ্ৰেছৰ মিত্ৰজোঁটে কোনো ক্ষতি কৰিব নোৱাৰে বিজেপিৰ। বৰঞ্চ বিজেপিয়ে অধিক ভোট লাভ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী ভৱেশ কলিতাই। 

কংগ্ৰেছৰ মিত্ৰজোঁটে কোনো ক্ষতি কৰিব নোৱাৰে বিজেপিৰ। বৰঞ্চ বিজেপিয়ে অধিক ভোট লাভ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী ভৱেশ কলিতাই। 

  • Share this:
ৰঙিয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী ভৱেশ কলিতাই মনোনয়ন দাখিলৰ পূৰ্বে ল’লে শিৱ বাবাৰ আশীৰ্বাদ। মহা শিৱৰাত্ৰিৰ পৱিত্ৰ দিনটোত মহাদেৱৰ আশিস লৈ দাখিল কৰিলে মনোনয়ন পত্ৰ। হাজাৰ হাজাৰ সমৰ্থকে হৰ্ষোল্লাস ধ্বনিৰে তেওঁক আদৰণি জনায়। কংগ্ৰেছ , এআইইউডিএফ আৰু চিপিএমৰ মহাজোঁট বন্ধনক অশুভ শক্তি আখ্যা ভৱেশ কলিতাৰ।

নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত বিজেপি মিত্ৰজোঁটে বৃহৎ সফলতা লাভ কৰিব বুলি মন্তব্য কৰে কলিতাই। কংগ্ৰেছৰ মিত্ৰজোঁটে কোনো ক্ষতি কৰিব নোৱাৰে বিজেপিৰ। বৰঞ্চ বিজেপিয়ে অধিক ভোট লাভ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী ভৱেশ কলিতাই।

ৰঙিয়া নগৰৰ সংগম সংঘৰ বাকৰিৰ পৰা বৃহৎ সমদল উলিয়াই সমৰ্থকসকলে। কেইবা সহস্ৰাধিক লোকে এই সমদলত অংশগ্ৰহণ কৰে। মন্ত্ৰী ভৱেশ কলিতাৰ মনোনয়ন পত্ৰ দাখিলত সহযোগ কৰে ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, গোৰেশ্বৰৰ ইউ পি পি এলৰ ই এম পবিত্ৰ বড়ো, প্ৰাক্তন সাংসদ ৰমেন ডেকাই।
Published by: Sanjay Kumar Das
First published: March 11, 2021, 3:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি