ৰঙিয়াৰ বৰকুকুৰীয়াত এক নিৰ্বাচনী প্ৰচাৰ সভাত ৰঙিয়া সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ বিস্ফোৰক মন্তব্য। মিত্ৰজোঁটৰ প্ৰাৰ্থীক ‘মাল’ আৰু ৰাইজৰ দলক ‘চোৰৰ দল’ আখ্যা মন্ত্ৰী ভৱেশ কলিতাৰ। ৰাইজৰ দলৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ মন্ত্ৰী ভৱেশ কলিতাৰ মন্তব্য – ‘‘ৰাইজৰ দল আচলতে ৰাইজৰ দল নহয়। ৰাইজৰ দল আচলতে চোৰৰহে দল। সেয়েহে তেওঁলোকে সকলোতে চোৰেই দেখা পায়।’’
পুঠিমাৰী নৈৰ বগৰীবাৰীৰ মথাউৰি নিৰ্মাণত ঠিকাদাৰৰ সৈতে মন্ত্ৰী ভৱেশ কলিতাৰ বৃহৎ লেনদেন হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মনে। তাৰ প্ৰত্যুত্তৰ দি মন্ত্ৰী ভৱেশ কলিতাই হৰেশ্বৰ বৰ্মনৰ এছডিআৰএফৰ বিষয়ে থকা জ্ঞানৰ ওপৰত সন্দেহ প্ৰকাশ কৰে।
আনহাতে মহাজোঁটৰ ৰঙিয়াৰ প্ৰাৰ্থী ডাঃ ভগবান দেৱ মিশ্ৰক মন্ত্ৰী ভৱেশ কলিতাই জনাই ভাদ মাহত একেলগে বৰলীয়া নৈ সাঁতুৰিবলৈ প্ৰত্যাহ্বান। মহাজোঁটৰ প্ৰাৰ্থী গৰাকীক "মাল" বুলি সম্বোধন কৰি মন্ত্ৰী গৰাকীয়ে প্ৰশ্ন কৰে যে কৰ'ণা মহামাৰীৰ সময়ত ডাঃ ভগবান দেব মিশ্ৰ ৰঙিয়াত কিয় নাছিল বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে বিজেপিৰ প্ৰাৰ্থী ভবেশ কলিতাই ।
বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে আৰম্ভ হৈছে পৰস্পৰে পৰস্পৰক বোকা চটিওৱা ৰাজনীতি । ৰঙিয়াৰ বৰকুকুৰীয়াত নিৰ্বাচনী প্ৰচাৰ সভাত ৰঙিয়া সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাৰ বিস্ফোৰক মন্তব্য । মিত্ৰজোঁটৰ প্ৰাৰ্থীক মাল আৰু ৰাইজৰ দলক চোৰৰ দল আখ্যা মন্ত্ৰী ভবেশ কলিতাৰ । ৰাইজৰ দলৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ মন্ত্ৰী ভবেশ কলিতাৰ মন্তব্য ৰাইজৰ দল আচলতে ৰাইজৰ দল নহয় । ৰাইজৰ দল আচলতে চোৰৰ হে দল । সেয়েহে তেওঁলোকে সকলোতে চোৰেই দেখা পাই । পুঠিমাৰী নৈৰ বগৰীবাৰীৰ মথাউৰি নিৰ্মাণত ঠিকাদাৰৰ সৈতে মন্ত্ৰী ভবেশ কলিতাৰ বৃহৎ লেনদেন হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মণে । তাৰ প্ৰত্যুত্তৰ দি মন্ত্ৰী ভবেশ কলিতাই হৰেশ্বৰ বৰ্মণৰ এছডি আৰ এফৰ বিষয়ে থকা জ্ঞানৰ ওপৰত সন্দেহ প্ৰকাশ কৰে । আনহাতে মহাজোঁটৰ ৰঙিয়াৰ প্ৰাৰ্থী ডাঃ ভগবান দেব মিশ্ৰক মন্ত্ৰী ভবেশ কলিতাই প্ৰত্যাহ্বান জনাই ভাদ মাহত একেলগে বৰলীয়া নৈ সাতুৰিবলৈ । মহাজোঁটৰ প্ৰাৰ্থী গৰাকীক "মাল" বুলি সম্বোধন কৰি মন্ত্ৰী গৰাকীয়ে প্ৰশ্ন কৰে যে কৰ'ণা মহামাৰীৰ সময়ত ডাঃ ভগবান দেব মিশ্ৰ ৰঙিয়াত কিয় নাছিল বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে বিজেপিৰ প্ৰাৰ্থী ভবেশ কলিতাই ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|