
সভাত ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই কংগ্ৰেছ–বিপিএফক চোকা ভাষাৰে সোমালোচনা কৰে।
সভাত ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই কংগ্ৰেছ–বিপিএফক চোকা ভাষাৰে সোমালোচনা কৰে।
ৰঙিয়াৰ কাউৰবাহাৰ ইন্দিৰা প্ৰেক্ষাগৃহত বিজেপিৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী গজেন্দ্ৰ চন্দ্ৰ বড়োৰ নিৰ্বাচনী প্ৰচাৰ সভা। সভাত ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই কংগ্ৰেছ–বিপিএফক চোকা ভাষাৰে সোমালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে কয় – কংগ্ৰেছে সূতা–কম্বলৰ ৰাজনীতি কৰে। প্ৰায় ১৭ বছৰ শাসনৰ গাদীত থকা হাগ্ৰামা মহিলাৰীৰ দলৰ প্ৰতীক চিহ্ন ‘নাঙল’ক এইবাৰ মিউজিয়ামত ভৰাই থ’ব বিটিচিৰ ৰাইজে।
নির্বাচনী সভাত ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা, গোৰেশ্বৰ সমষ্টিৰ প্ৰাৰ্থী গজেন্দ্ৰ চন্দ্ৰ বড়োৰ লগতে কেইবা শতাধিক ৰাইজে অংশগ্ৰহণ কৰে। লগতে মন্ত্ৰী ভৱেশ কলিতাই বি পি এফ, কংগ্ৰেছ আৰু ইউ পি পি এল দলক কঠোৰ ভাষাৰে সমালোচনা কৰে। এইবাৰ গোৰেশ্বৰ সমষ্টিৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী গজেন্দ্ৰ চন্দ্ৰ বড়োক বিপুল ভোটত জয়ী কৰিব বুলি কয় মন্ত্ৰী ভৱেশ কলিতাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|