
AIUDF আৰু কংগ্ৰেছৰ এতিয়া কোৰ্ট মেৰেজ হ’লঃ ভৱেশ কলিতা
AIUDF আৰু কংগ্ৰেছৰ এতিয়া কোৰ্ট মেৰেজ হ’লঃ ভৱেশ কলিতা
‘আপোনাৰ প্ৰেমিকা আছে নে? যদি আছে তেওঁক বিজেপিক ভোট দিবলৈ কওক। মহিলাৰ সুৰক্ষাৰ কাৰণে বিজেপিয়ে বহু আঁচনি আনিছে। বিজেপি চৰকাৰ থকালৈকে ৰাজ্যত সুৰক্ষিত মহিলা।
আপোনাৰ বংশ পৰিয়াল সকলোকে কওক বিজেপিক ভোট দিবলৈ।’-এনেকৈ এটাৰ পাছত এটা আহ্বান মন্ত্ৰী ভবেশ কলিতাৰ। হাজোত বিজেপিৰ উত্তৰ কামৰূপ জিলাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে মন্ত্ৰী ভবেশ কলিতা। মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে, ‘নিজৰ মাজতে মিল নাই কংগ্ৰেছৰ নেতাৰ। ৰিপুণ বৰা তিহাৰ জে’ললৈ যোৱা নেতা। নিৰ্বাচনত ডবল ডিজিট নাপায় কংগ্ৰেছে। কংগ্ৰেছ এইবাৰ ৯ খন আসন পাব।’ভাষণ প্ৰসংগত ৭০ টা সংগঠনক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ‘
এফালে ৭০ টা সংগঠন, আনফালে বিজেপিৰ ১৪০খন সফল আঁচনি। AIUDF-কংগ্ৰেছৰ মিত্ৰতা এতিয়াৰ নহয়। আগতে ভাল পাই আছিল, এতিয়া AIUDF আৰু কংগ্ৰেছৰ কোৰ্ট মেৰেজ হ’ল।’ BTADত BJPৰ জয় নিশ্চিত বুলিও মন্তব্য মন্ত্ৰী ভবেশ কলিতাৰ। Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|