দুৰ্ঘটনাত বাহনখনত থকা চালকৰ লগতে আৰক্ষী কনিষ্টবলো কম-বেছি পৰিমাণে আহত হয় ৷
দুৰ্ঘটনাত বাহনখনত থকা চালকৰ লগতে আৰক্ষী কনিষ্টবলো কম-বেছি পৰিমাণে আহত হয় ৷
নগাঁৱৰ চামগুৰিত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজন যুৱকে। কৃষিমন্ত্ৰী অতুল বৰাৰ কনভয়ৰ গাড়ীৰ খুন্দাত প্ৰাণ হেৰুৱাই মানস প্ৰতিম দাস (৩১) নামৰ যুৱকগৰাকীয়ে।
তথ্য অনুসৰি, মন্ত্ৰী বৰাৰ কনভয়টো গুৱাহাটীৰ পৰা কলিয়াবৰলৈ আহি থকা অৱস্থাত চামগুৰিত (Accident at Samaguri) এই দুৰ্ঘটনা সংঘটিত হয়। কনভয়ৰ এ এছ ২৫ ই চি ২০৯৩ নম্বৰৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই মানসপ্ৰতিমক খুন্দা মৰাৰ ফলত গুৰুতৰভাৱে আহত হয়। লগে লগে তেওঁক নগাঁও অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
দুৰ্ঘটনাত বাহনখনত থকা চালকৰ লগতে আৰক্ষী কনিষ্টবলো কম-বেছি পৰিমাণে আহত হয় ৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|