• Home
  • »
  • News
  • »
  • assam
  • »
  • নুমলীগড়ৰ ফলঙনী বীজ পামত কৃষি মন্ত্ৰী অতুল বৰা, নিজমুখে স্বীকাৰ কৰিলে বীজ পামৰ বেদখলৰ কথা

নুমলীগড়ৰ ফলঙনী বীজ পামত কৃষি মন্ত্ৰী অতুল বৰা, নিজমুখে স্বীকাৰ কৰিলে বীজ পামৰ বেদখলৰ কথা

এই বীজ পামসমূহ অচিৰেই দখলমুক্ত কৰি কৃষিক্ষেত্ৰত নৱ-প্ৰজন্মক জড়িত কৰি এক বিপ্লৱ অনাৰ কথাও ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে।

  • Share this:
নুমলীগড়ৰ ফলঙনী বীজ পামত কৃষি মন্ত্ৰী অতুল বৰা। মন্ত্ৰীগৰাকীয়ে নিজমুখেই স্বীকাৰ কৰিলে অসমৰ বীজ পামসমূহত হোৱা বেদখলৰ কথা। শীঘ্ৰে এইসমূহ বেদখল মুক্ত কৰাৰ আশ্বাস বৰাৰ। নুমলীগড়ৰ কাষৰীয়া ফলঙনী বীজ পামৰ এক সমূহীয়া কঠীয়া সিঁচাৰ কাৰ্যসূচীত ভাগ লয়  কৃষি মন্ত্ৰী অতুল বৰাই।

বানত ক্ষতিগ্ৰস্ত হোৱা কৃষকসকলৰ কঠীয়াৰ অভাৱ পূৰণৰ বাবেই ফলঙনী বীজ পামত কৃষি বিভাগৰ উদ্যোগত এক সমূহীয়া কঠীয়া সিঁচাৰ কাৰ্যসূচীৰ আয়োজন কৰে। উক্ত কাৰ্যসূচীত ভাগ লৈ মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত নিজমুখে স্বীকাৰ কৰে অসমৰ বীজ পামসমূহত বেদখল হোৱাৰ কথা।

এই বীজ পামসমূহ অচিৰেই দখলমুক্ত কৰি কৃষিক্ষেত্ৰত নৱ-প্ৰজন্মক জড়িত কৰি এক বিপ্লৱ অনাৰ কথাও ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে। ইফালে কোৰোণা মহামাৰীৰ বাবে বিদেশ তথা বহিঃৰাজ্যৰ পৰা উভতি অহা লোকসকলকো কৃষি কৰ্মৰ দ্বাৰা আত্মনিৰ্ভৰশীল হ’বলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published: