• Home
  • »
  • News
  • »
  • assam
  • »
  • চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ অভিযান চলি থাকিব, গৰুখুঁটি কৃষি প্ৰকল্প পৰিদৰ্শন কৰি মন্তব্য মন্ত্ৰী অতুল বৰাৰ

চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ অভিযান চলি থাকিব, গৰুখুঁটি কৃষি প্ৰকল্প পৰিদৰ্শন কৰি মন্তব্য মন্ত্ৰী অতুল বৰাৰ

অসমৰ আন জিলাৰ কৃষকসকলৰ কাৰণে গৰুখুঁটি এখন আদৰ্শ কৃষি পাম হ’ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্রী অতুল বৰাই।

অসমৰ আন জিলাৰ কৃষকসকলৰ কাৰণে গৰুখুঁটি এখন আদৰ্শ কৃষি পাম হ’ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্রী অতুল বৰাই।

অসমৰ আন জিলাৰ কৃষকসকলৰ কাৰণে গৰুখুঁটি এখন আদৰ্শ কৃষি পাম হ’ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্রী অতুল বৰাই।

  • Share this:
অসম চৰকাৰৰ কৃষি, পশুপালন, অসম চুক্তি ৰূপায়ণ দপ্তৰৰ মন্ত্ৰী অতুল বৰাই মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে দৰং জিলাত উপস্থিত হৈ জিলাখনৰ বিভিন্ন দিশৰ খতিয়ান লয়।
পুৱা প্ৰথমে তেওঁ জিলা উপায়ুক্ত তথা প্ৰশাসনৰ অন্য বিষয়াসকলৰ সৈতে ছিপাঝাৰ ৰাজহ চক্ৰৰ অধীনস্থ গৰুখুঁটি কৃষি প্ৰকল্পত উপস্থিত হৈ প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লৈ সন্তুষ্টি ব্যক্ত কৰি কয় যে বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত এই প্ৰকল্পৰ দ্বাৰা স্থানীয় বহু শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হ'ব তথা ৰাজ্যখনে খাদ্য সামগ্ৰীৰ দিশত স্ব-নিৰ্ভৰশীলতা অৰ্জন কৰাৰ ক্ষেত্ৰত বহু দূৰ আগুৱাই যোৱাত সহায় কৰিব। তেওঁ লগতে জানিবলৈ দিয়ে যে মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে বেদখলকাৰীৰ কবলৰ পৰা চৰকাৰী মাটিসমূহ উদ্ধাৰ কৰা যি কাৰ্যসূচী হাতত লৈছে, সেয়া আগন্তুক দিনতো অব্যাহত থাকিব।

আনহাতে, প্ৰকল্পস্থলীত উপস্থিত হৈ মন্ত্ৰী বৰাই নাৱেৰে নদী পাৰ হৈ কৃষিকাৰ্য কৰা পথাৰ পৰিদৰ্শন কৰি কয়, অসম আন্দোলনৰ সময়ত বিধি পথালিৰ সৃষ্টি কৰা সেইচাম লোকেই এই উচ্ছেদতো খেলিমেলি সৃষ্টি  কৰিব বিচাৰিছে। কিছুমান শক্তিয়ে সাম্প্ৰদায়িকতাৰ নাটক কৰিবলৈ চেষ্টা কৰিছে। অসমত থকা দল–সংগঠনে তেনে দৃষ্টিৰে চাইছে। মোৰ দৃঢ় বিশ্বাস ইয়াত এখন সুন্দৰ কৃষি পাম হ’ব। ভাল উৎপাদন হ’ব লগতে এখন বিশাল বজাৰ দখল কৰিব পাৰিম।

অসমৰ আন জিলাৰ কৃষকসকলৰ কাৰণে গৰুখুঁটি এখন আদৰ্শ কৃষি পাম হ’ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্রী অতুল বৰাই। ইয়াৰে পিছত তেওঁ গৰুখুঁটি ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ কেন্দ্ৰটোৰ আন্তগাঁথনিৰ বুজ লয়। ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে জল জীৱন মিছনৰ অধীনত দোসোতলী পানী যোগান আঁচনি, মঙলদৈ চহৰস্থিত মডেল টিকাকৰণ কেন্দ্ৰ, শান্তিপাৰা অংগনবাড়ী কেন্দ্ৰ আদি পৰিদৰ্শন কৰে।

ভ্ৰমণসূচীৰ অন্তত মন্ত্ৰী বৰাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসন তথা বিভিন্ন বিভাগৰ জিলা পৰ্যায়ৰ মুৰব্বীসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। উক্ত বৈঠকত কৃষি, পশুপালন, জনস্বাস্থ্য কাৰিকৰী, সমাজ কল্যাণ, মীন আদিকে কৰি বিভাগসমূহে কাৰ্যকৰী কৰি থকা জনকল্যানমূলক আঁচনিসমূহৰ খতিয়ান লয়।
উক্ত বৈঠকত মন্ত্ৰীগৰাকীয়ে কৃষি বিভাগৰ বিষয়াসকলক পি এম কিষান, প্ৰধান মন্ত্ৰী কৃষি সিঁচাই যোজনা আদিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়। কৃষকৰ সুবিধাৰ্থে প্ৰণয়ন কৰা আঁচনিসমূহ যাতে প্ৰকৃত হিতাধিকাৰীয়েহে লাভ কৰিবলৈ সক্ষম হয়, তাকো নিশ্চিত কৰিবলৈ তেওঁ বৈঠকত উপস্থিত কৃষি বিভাগৰ বিষয়াসকলক অনুৰোধ জনায়। ইয়াৰ উপৰিও মন্ত্ৰী গৰাকীয়ে বিষয়াসকলক এগ্ৰ' মাৰ্কেটিং ইত্যাদিৰ প্ৰতি অধিক গুৰুত্ব দিবলৈ কয়।

দৰঙৰ কিছু অঞ্চলত শাক-পাচলি উৎপাদনত অত্যধিক মাত্ৰাত সাৰ আদি ব্যবহৃত হোৱাৰ কথা উল্লেখ কৰি কৃষি মন্ত্ৰী বৰাই জিলাখনত জৈৱিক সাৰৰ ওপৰত গুৰুত্ব দিবলৈ জিলা উপায়ুক্তক আহবান জানায়। মন্ত্ৰী বৰাই দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত জিলাখনে ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিব পৰা সম্ভাৱনাৰ কথা ব্যক্ত কৰি কয়‌ যে এই দিশত পশুপালন বিভাগে মনোনিৱেশ কৰাৰ প্ৰয়োজন আছে।

উপৰোক্ত বিভাগকেইটাৰ উপৰি মন্ত্ৰীগৰাকীয়ে প্ৰাথমিক শিক্ষা, সমাজ কল্যাণ আদি বিভাগীয় বিষয়াসকলৰ সৈতে মত-বিনিময় কৰে। আজিৰ বৈঠকত জিলা উপায়ুক্তৰ উপৰিও মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাস, জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া ৰমেন চন্দ্ৰ মালাকাৰ, জিলা উন্নয়ন আয়ুক্ত শুভলক্ষ্মী ডেকাও উপস্থিত থাকে।
Published by:Sanjay Kumar Das
First published: