মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কংগ্ৰেছ চৰকাৰৰে অসমত সৃষ্টি কৰিছে সীমান্ত সমস্যাৰ, মন্তব্য কৃষি মন্ত্ৰী অতুল বৰাৰ 

কংগ্ৰেছ চৰকাৰৰে অসমত সৃষ্টি কৰিছে সীমান্ত সমস্যাৰ, মন্তব্য কৃষি মন্ত্ৰী অতুল বৰাৰ 

News18 Assam | News18-Assam
Updated:July 30, 2021, 5:06 PM IST
কংগ্ৰেছ চৰকাৰৰে অসমত সৃষ্টি কৰিছে সীমান্ত সমস্যাৰ, মন্তব্য কৃষি মন্ত্ৰী অতুল বৰাৰ 
আজি হাইলাকান্দিত কোভিড ১৯ত স্বামীহাৰা হোৱা ১১ গৰাকী বিধবা মহিলাক আহি ২.৫ লাখ টকাৰ চেক প্ৰদান কৰা হয়।

আজি হাইলাকান্দিত কোভিড ১৯ত স্বামীহাৰা হোৱা ১১ গৰাকী বিধবা মহিলাক আহি ২.৫ লাখ টকাৰ চেক প্ৰদান কৰা হয়।

  • Share this:
‘‘কংগ্ৰেছ চৰকাৰৰে অসমত সৃষ্টি কৰিছে সীমান্ত সমস্যাৰ। কংগ্ৰেছে উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ গঠন কৰাৰ সময়তে সৃষ্টি কৰিছিলে এই সমস্যাৰ। ৰাজ্যত কংগ্ৰেছ দলৰ চৰকাৰ শাসনত থকাৰ সময়তে প্ৰতিৱেশী ৰাজ্যই দখল কৰিছে অসমৰ ভূমি।’’ – এই মন্তব্য অগপ সভাপতি তথা কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাৰ। আজি হাইলাকান্দিত কোভিডত স্বামীহাৰা হোৱা ১১ গৰাকী মহিলাক ৰাজ্য চৰকাৰ পৰা আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানত উপস্থিত হ’বলৈ আহি এই মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই।

ৰাজ্যত দীৰ্ঘ ১০ বছৰ অগপ চৰকাৰ ক্ষমতাত আছিলে, বিজেপিৰ মিত্ৰ হিচাপে আছিলে আৰু ৫ বছৰ। কিন্তু ইয়াৰ পিছতো কিয় তেওঁলোকে সীমান্ত সমস্যা সমাধান কৰিব নোৱাৰিলে বুলি সাংবাদিকে সোধা প্ৰশ্নত সীমান্ত এলেকা উন্নয়ন মন্ত্ৰীগৰাকীৰ মন্তব্য, কংগ্ৰেছৰ চৰকাৰ থকাৰ সময়ত হেনো অধিকাংশ বেদখলৰ ঘটনা ঘটিছিল। লগতে বৰ্তমান ৰাজ্য চৰকাৰে সীমান্ত এলেকাৰ উন্নয়নৰ কামত হাত দিয়াৰ বাবেই প্ৰতিৱেশী ৰাজ্যৰ বেদখলৰ তথ্য পোহৰলৈ আহিছে।

উল্লেখ, আজি হাইলাকান্দিত কোভিড ১৯ত স্বামীহাৰা হোৱা ১১ গৰাকী বিধবা মহিলাক আহি ২.৫ লাখ টকাৰ চেক প্ৰদান কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে উপস্থিত আছিলে বন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য।
Published by: Sanjay Kumar Das
First published: July 30, 2021, 5:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি