உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • এই স্থানসমূহৰ বাহিৰে ৰাজ্যত বিক্ৰী কৰিব পাৰিব গাহৰি মাংস

    এই স্থানসমূহৰ বাহিৰে ৰাজ্যত বিক্ৰী কৰিব পাৰিব গাহৰি মাংস

    যদি আক্ৰান্ত গাহৰি মাৰি পেলাবলগীয়া হয় তেন্তে ৫০% ধন বহন কৰিব চৰকাৰে।

    যদি আক্ৰান্ত গাহৰি মাৰি পেলাবলগীয়া হয় তেন্তে ৫০% ধন বহন কৰিব চৰকাৰে।

    যদি আক্ৰান্ত গাহৰি মাৰি পেলাবলগীয়া হয় তেন্তে ৫০% ধন বহন কৰিব চৰকাৰে।

    • Share this:
    ৰাজ্যত আফ্ৰিকান ছোৱাইন ফ্লুত ১৫,৮৬৭টা গাহৰিৰ মৃত্যু হৈছে। ৰাজ্যৰ কেইবাখনো জিলাত ফ্লুৰ প্ৰাদুৰ্ভাৱ পোৱা গৈছে। এই ফ্লুৰ কাৰণে গাহৰি মাংসৰ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। বিভাগে লোৱা তৎপৰতাৰ বাবে অধিক সংক্ৰমণ হোৱা নাই। ঘৰচীয়াৰ পৰা বনৰীয়া গাহৰি যাতে সংক্ৰমিত হ'ব নোৱাৰে তাৰবাবে বন বিভাগেও কাম কৰিছে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰাও সহায় লাভ কৰিছো। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ত পশুপালন মন্ত্রী অতুল বৰাই সংবাদমেলত সদৰি কৰে এই কথা।

    মন্ত্ৰীগৰাকীয়ে কয় যে জিলা প্ৰশাসন, পশুপালকসকলেও দায়িত্বসহকাৰে কাম কৰিছে। নিৰ্দিষ্ট কণ্টেইনমেণ্ট জ'নৰ বাহিৰে গাহৰি বিক্ৰী কৰিব পাৰিব বুলিও কয় অতুল বৰাই। অৱশ্যে আন্তঃজিলা, আন্তঃৰাজ্যিক কিনা–বেচা কৰিব নোৱাৰিব।

    যদি আক্ৰান্ত গাহৰি মাৰি পেলাবলগীয়া হয় তেন্তে ৫০% ধন বহন কৰিব চৰকাৰে। বাকী ৫০% কেন্দ্ৰীয় চৰকাৰে দিব পাৰে, আমি আলোচনা কৰি আছো। সংবাদমেলত ক’লে অতুল বৰাই।

    বিশ্বনাথ জিলাৰ বৰতামূলী গাঁও, ধেমাজিৰ পিপলগুৰি, শিৱসাগৰৰ কটীয়ৰী, ভাটগছ, নিতাইপুখুৰী, খেলুৱৈ, যোৰহাটৰ বৰমুকলি গাঁও, কামৰূপ মহানগৰৰ গড়চুককে ধৰি মুঠ ৭টা স্থানক ছোৱাইন ফিভাৰৰ অভিকেন্দ্ৰ হিচাপে নিৰ্ধাৰণ কৰা হৈছে৷ এই অভিকেন্দ্ৰসমূহৰ পৰা ১ কিঃমিঃ ব্যাসাৰ্ধৰ অন্তৰ্গত গাঁওসমূহক আক্ৰান্ত এলেকা আৰু ১০ কিঃমিঃ ব্যাসাৰ্ধৰ অন্তৰ্গত গাঁৱসমূহক নিৰীক্ষণ এলেকা হিচাপে চিহ্নিত কৰা হ'ব৷ এইসমূহত বিক্ৰী কৰিব নোৱাৰিব গাহৰি মাংস৷ ইয়াৰ বাহিৰে ৰাজ্যত গাহৰি মাংস বিক্ৰী কৰিব পাৰিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে৷
    First published: