‘আমি কেতিয়াও চকু মুদি নাথাকো, কাকো ৰেহাই নিদিওঁ’ – পি এম কিষাণ নিধিৰ অনিয়মক লৈ পুনৰ সকীয়নি কৃষি মন্ত্ৰীৰ

‘যদি প্ৰকৃত কৃষকে পোৱা নাই, যদি অনুপযুক্ত লোকে পাইছে, তেন্তে পি এম কিষাণ যোজনাৰ ধন ঘূৰাই দিব লাগিব৷’
‘যদি প্ৰকৃত কৃষকে পোৱা নাই, যদি অনুপযুক্ত লোকে পাইছে, তেন্তে পি এম কিষাণ যোজনাৰ ধন ঘূৰাই দিব লাগিব৷’
- News18 Assam
- Last Updated: May 14, 2020, 5:42 PM IST
“বিষয়টোক আমি গুৰুত্বসহকাৰে লৈছো৷ কৃষকৰ আয় দুগুণ কৰায়েই প্ৰধানমন্ত্ৰীৰ মূল লক্ষ্য৷ NIC–এ গোটেই তদাৰকী কৰিছিল৷ গাইডলাইন বনাই দিছিল৷ এটা পৰিয়ালৰ পতি-পত্নী আৰু শিশুৰ মূৰব্বীজনে আঁচনি সুবিধা পাব৷ বাকী ভাই-ককাই কেইজন যদি কৃষক হয়, তেওঁলোকেও পাব”, ক'লে কৃষিমন্ত্ৰী বৰাই৷
হিতাধিকাৰীৰ তালিকাত হিন্দু গাঁৱত মুছলমানৰ নাম, মুছলমানৰ গাঁৱত হিন্দুৰ নাম সোমোৱা সন্দৰ্ভত মন্ত্ৰী বৰাই খেলিমেলিবোৰ দূৰ কৰিবলৈ চেষ্টা কৰিম বুলি সংবাদমেলত ঘোষণা কৰে৷ লগতে ক'লে, “দিল্লীয়ে ৫% পৰিয়ালৰ ৰিভেৰিফিকেচন কৰিবলৈ কৈছিল৷ কিন্ত আমি এশ শতাংশই ৰিভেৰিফিকেচন কৰাৰ ব্যৱস্থা কৰিছো৷ অসমেই এখন ৰাজ্য যি এশ শতাংশ ৰিভেৰিফিকেচনৰ ব্যৱস্থা কৰিছে৷”
ৰাজ্যত কৃষকৰ সংখ্যা বাঢ়িছে বুলি উল্লেখ কৰি মন্ত্ৰী বৰাই কয়, “৪৭৫ কোটি টকা লকডাউনৰ সময়ত কৃষকৰ একাউণ্টত সোমাইছে৷ কৃষকৰ উৎপাদন দুগুণলৈ বাঢ়িছে৷ কৃষক এইবাৰ উপকৃত হৈছে৷ মধ্যভোগী নোহোৱা হৈছে৷ কৃষকে উপযুক্ত মূল্যত উৎপাদিত সামগ্ৰী বিক্ৰী কৰিছে৷ ৩২৪ কোটি টকাৰ শাক–পাচলি আমি ৰাজ্যৰ বাহিৰত বিক্ৰী কৰিছো৷”