কোনে কোনে আত্মসাৎ কৰিলে কৃষকৰ ধন, ১৫ মে’ত ওলাব হিচাপ!

পি এম কিষাণৰ আঁচনিৰ এনে ভয়ংকৰ দুৰ্নীতিৰ তথ্য৷ সবিস্তাৰে প্ৰকাশ পোৱা এনে দুৰ্নীতিৰ তথ্যৰ পাছতে কৃষি মন্ত্ৰী অতুল বৰাৰ তৎক্ষণিক সিদ্ধান্ত৷ তদন্ত হ’ব পি এম কিষাণ আঁচনিৰ দুৰ্নীতিৰ৷
পি এম কিষাণৰ আঁচনিৰ এনে ভয়ংকৰ দুৰ্নীতিৰ তথ্য৷ সবিস্তাৰে প্ৰকাশ পোৱা এনে দুৰ্নীতিৰ তথ্যৰ পাছতে কৃষি মন্ত্ৰী অতুল বৰাৰ তৎক্ষণিক সিদ্ধান্ত৷ তদন্ত হ’ব পি এম কিষাণ আঁচনিৰ দুৰ্নীতিৰ৷
- News18 Assam
- Last Updated: May 6, 2020, 8:03 PM IST
এই কাৰ্যত সহযোগ অভিযোগ সন্দেহ পঞ্চায়তৰ সদস্য, সভাপতি, তথা সচিবৰ বিৰুদ্ধেও৷ News18 অসমত প্ৰকাশ পাইছিল ৰাজ্যত পি এম কিষাণৰ আঁচনিৰ এনে ভয়ংকৰ দুৰ্নীতিৰ তথ্য৷ সবিস্তাৰে প্ৰকাশ পোৱা এনে দুৰ্নীতিৰ তথ্যৰ পাছতে কৃষি মন্ত্ৰী অতুল বৰাৰ তৎক্ষণিক সিদ্ধান্ত৷ তদন্ত হ’ব পি এম কিষাণ আঁচনিৰ দুৰ্নীতিৰ৷ প্ৰকৃত কৃষকক বঞ্চিত কৰি কোনেও তেজ শুহি খাব নোৱাৰে কৃষকৰ৷ যাৰ বাবে বিভাগৰ প্ৰধান সচিব ৰাজেশ প্ৰসাদ আৰু কৃষি বিভাগৰ সঞ্চালক মনোজ কুমাৰক তদন্তৰ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে৷ ১০ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ মন্ত্ৰীগৰাকীৰ৷ সেয়ে ১৫ মে’ত দাখিল কৰিবলগীয়া প্ৰতিবেদনত স্পষ্ট হ’ব কোনে কোনে আত্মসাৎ কৰিলে কৃষকৰ ধন।