নিৰ্বাচন আহিছে, এফালৰ পৰা পৰ্দা টানি গৈছে মন্ত্ৰী অতুল বৰাই

oppo_0
আধাৰশিলা স্থাপন কৰা পথেৰে গৈ আন পথৰ আধাৰশিলা স্থাপন কৰিলে অতুল বৰাই।
- News18 Assam
- Last Updated: July 26, 2020, 1:44 PM IST
ইফালে বিজেপি চৰকাৰে দায়িত্ব লোৱাৰ পিছতে মন্ত্ৰীগৰাকীয়ে আধাৰশিলা স্থাপন কৰাৰ পিছতো আজিপৰ্যন্ত কাম আৰম্ভ নোহোৱা পিলখানা পথৰ ওপৰেদি গৈ পথটোৰ সংযোগী আন এটা পথৰ আধাৰ শিলা স্থাপন কৰিলেগৈ মন্ত্ৰীগৰাকীয়ে। নিৰ্বাচনৰ পূৰ্বে কাজিৰঙাৰ ভোটাৰক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত মন্ত্ৰীগৰাকী ব্যৰ্থ হোৱা বুলি অভিযোগ থকাৰ পিছতো মন্ত্ৰীগৰাকীয়ে পুনৰ সাংগোপাংগক লগত লৈ আৰম্ভ কৰা আধাৰশিলাৰ ৰাজনীতিয়ে সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷
তদুপৰি সামাজিক দূৰত্ব ধোঁৱাচাঙত তুলি বান শিবিৰত খাদ্য সামগ্ৰীও বিতৰণ কৰিলে মন্ত্ৰীগৰাকীয়ে ৷ সূত্ৰৰ পৰা জানিব পৰা মতে, আধাৰশিলা স্থাপন কৰা আঁচনিৰ ধনৰ পৰিমাণ ৪৭ লাখ, কিন্তু মন্ত্ৰীয়ে ক’লে ৪৩ কোটি৷