অসম–মিজোৰাম সীমা সংঘাতৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মিজোৰামৰ আইজললৈ ৰাওনা হয় মন্ত্ৰী অতুল বৰা আৰু অশোক সিংঘল। মন্ত্ৰী দুগৰাকীৰ সৈতে মিজোৰামলৈ গৈছে সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ আয়ুক্ত তথা সচিব জি ডি ত্ৰিপাঠীও।
অসম-মিজোৰাম সীমান্তত স্থায়ী শান্তি আৰু দুয়োখন ৰাজ্যৰ মাজত একতাৰ এনাজৰী সুদৃঢ় কৰাৰ লক্ষ্যৰে পাৰস্পৰিক আলাপ-আলোচনাত মিলিত হ'ব মন্ত্ৰী দুগৰাকী।
মুখ্যমন্ত্ৰী ড° শৰ্মাৰ বাৰ্তা লৈ আইজলত উপস্থিত হৈ দুই মন্ত্ৰীয়ে আলোচনাত মিলিত হ'ব মিজো মুখ্যমন্ত্ৰী জোৰামথাংগাৰ সৈতে৷ কেনেদৰে আলোচনাৰ মাজেৰে অগ্নিগৰ্ভা আৰু দীৰ্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তি কৰিব পৰা যাব, সেই বিষয়ত দুয়ো পক্ষই প্ৰাথমিক পৰ্যায়ত আলোচনাত মিলিত হ'ব৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|