ৰহা সমষ্টিৰ অগপ প্ৰাৰ্থী বিষ্ণু দাসৰ বাসগৃহত বৃহস্পতিবাৰে নিশা উপস্থিত হয়গৈ অগপৰ সভাপতি অতুল বৰা আৰু মন্ত্ৰী পীযূষ হাজৰিকা৷ আগন্তুক বিধানসভা নিৰ্বাচনত ৰহা সমষ্টি দখল কৰিবলৈ নতুন ৰণনীতিৰ বিষয়ে অগপ–বিজেপিৰ দলীয় কৰ্মীসকলৰ লগত আলোচনাত মিলিত হয় দুয়োজন শীৰ্ষ নেতা৷
বৃহস্পতিবাৰে নিশা ৰহা বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী বিষ্ণু দাসৰ বাসগৃহত উপস্থিত হৈ অগপৰ সভাপতি অতুল বৰা আৰু মন্ত্ৰী পীযূষ হাজৰিকাই আগন্তক বিধানসভা নিৰ্বাচনৰ নতুন ৰণনীতি বিষয়ে অগপ–বিজেপিৰ দলীয় কৰ্মীসকলৰ লগত আলোচনাত মিলিত হয়৷
উল্লেখযোগ্য যে বিজেপিৰ দখলত থকা সমষ্টিটো অগপক এৰি দিয়াত বিজেপি কৰ্মীসকলৰ মাজত কিছু অসন্তুষ্টিয়ে দেখা দিছিল। কৰ্মীসকলৰ মাজৰ অসন্তুষ্টি দূৰ কৰি ৰহাত অগপ প্ৰাৰ্থী বিষ্ণু দাসক জয়ী কৰোৱাৰ উদ্দেশ্যেই বৃহস্পতিবাৰে নিশা অগপ-বিজেপিৰ দলীয় কৰ্মীসকলৰ লগত আলোচনাত মিলিত হয় দুয়োগৰাকী মন্ত্ৰী।
আলোচনাৰ অন্তত পীযূষ হাজৰিকাই কয় যে ৰহা সমষ্টি আগতেও আমাৰ হাতত আছিল এতিয়াও থাকিব। অগপ–বিজেপি ভাই ভাই, ৰহাত আমি জিকিমেই। আনহাতে, অগপৰ সভাপতি অতুল বৰাই ৰহাত অগপই বিজয় নিচান উৰুৱাব বুলি উল্লেখ কৰি কয় যে কংগ্ৰেছক ভোট দি লাভ নাই। কংগ্ৰেছে সৃষ্টি কৰা সমস্যা সমাধান কৰোতেই পাঁচটা বছৰ গ'ল মিত্ৰজোঁট চকৰাৰৰ। এইবাৰ পূৰ্বতকৈ অগপৰ আসন বাঢ়িব বুলিও অগপৰ সভাপতিগৰাকীয়ে উল্লেখ কৰে।
ইপিনে, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বঢ়মপুৰত টিকট নোপোৱা সন্দৰ্ভত অগপৰ সভাপতিগৰাকীয়ে কয় যে তেখেতে আমাৰ শ্ৰদ্ধাৰ ব্যক্তি। বঢ়মপুৰ সমষ্টিতে তেওঁ নিৰ্বাচন খেলিব লাগিব বুলি কোনো কথা নাই। তেখেতৰ শাৰীৰিক অসুস্থতাৰ বাবেহে এইবাৰ টিকটৰ পৰা বঞ্চিত কৰা হৈছে। উল্লেখযোগ্য যে ৰহা সমষ্টিত টিকট নাপাই বিজেপি আৰু কংগ্ৰেছ দলৰ দুজনকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ মন মেলিছে। যদি সেয়াই হয় তেন্তে ৰহাত কোনে শেষ হাঁহি মাৰিব সেয়া সময়ে ক’ব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|