বৃহৎ দুগ্ধ প্ৰতিষ্ঠান সমূহে গাখীৰ ক্ৰয়ৰ বাবে নিৰ্ধাৰণ হ’ব গাখীৰৰ মূল্য। একেসময়তে প্ৰতিষ্ঠান সমূহে বিক্ৰী কৰা গাখীৰৰ মূল্যৰ ক্ষেত্ৰতো নিযন্ত্ৰণ আনিব চৰকাৰে।
কৃষি তথা পশুপালন মন্ত্ৰী অতুলল বৰাৰ এইবাৰ লক্ষ্য দুগ্ধ খণ্ডৰ উন্নয়ন। আজি কৃষি বিভাগৰ কাৰ্যালয়ত দুগ্ধ উৎপাদকৰ সতে বৈঠকত মিলিত হয় মন্ত্ৰী অতুল বৰাই।
গো পালক সন্থাসমূহক সংগঠিত কৰি এক ফেডাৰেচন গঠনৰ জড়িয়তে গো পালক সকলক লাভাম্বিত কৰিবৰ বাবে নতুন লক্ষ্য মন্ত্ৰী অতুল বৰাৰ। তেওঁ কয় যে গো পালকসকলক সংগঠিত কৰিব নোৱাৰা বাবে কেন্দ্ৰৰ আৱণ্টিত ধনেৰে লাভাম্বিত হৈ আছে মধ্যভোগীসকল, কিন্তু প্ৰকৃত গো পালকে আজিলৈ নাপালে কোনো সুবিধা।
আনহাতে বৃহৎ দুগ্ধ প্ৰতিষ্ঠান সমূহে গাখীৰ ক্ৰয়ৰ বাবে নিৰ্ধাৰণ হ’ব গাখীৰৰ মূল্য। একেসময়তে প্ৰতিষ্ঠান সমূহে বিক্ৰী কৰা গাখীৰৰ মূল্যৰ ক্ষেত্ৰতো নিযন্ত্ৰণ আনিব চৰকাৰে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|