বানাগ্ৰস্ত কৃষকক কঠিয়া যোগান ধৰিব চৰকাৰৰ কৃষি বিভাগে। তাৰবাবে কঠিয়া সিঁচাৰ ব্যৱস্থা কৰিছে কৃষি বিভাগে। এই বক্তব্য কৃষিমন্ত্ৰী অতুল বৰাৰ। মংগলবাৰে মন্ত্ৰীগৰাকীয়ে ৰহা আৰু কামপুৰৰ বিভিন্ন বানবিধ্বস্ত অঞ্চল সমূহত উপস্থিত হৈ বানে ধুৱাই নিয়া অঞ্চল সমূহৰ লগতে কপিলী আৰু কলঙে খহাই নিয়া মথাউৰি পৰিদৰ্শন কৰে। লগতে মন্ত্ৰীগৰাকীয়ে মথাউৰিত থকা বন্যাৰ্ত সকলৰ সুবিধা-অসুবিধাৰ বুজ লয়।
কৃষি মন্ত্ৰীগৰাকীয়ে ৰহাচকী, দুৰ্গাজান আদিত কলঙে ছিগা মথাউৰি পৰিদৰ্শন কৰি পৰিকল্পিতভাৱে মথাউৰি নিৰ্মাণৰ ব্যৱস্থা কৰাৰ কথাও সদৰি কৰে। লগতে কোনো বানাক্ৰান্তই যাতে অসুবিধাত নপৰে চৰকাৰে তাৰ তদাৰক কৰি আছে বুলিও মন্তব্য কৰে।
ইপিনে কামপুৰত উপস্থিত হৈ অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই কঠিয়াতলী আৰু কামপুৰৰ আশ্ৰয় শিবিৰ সমূহত থকা বানাক্ৰান্ত লোকসকলৰ দূখ-দুৰ্দশাৰ বুজ লয়। বানত বিধ্বস্ত হোৱা লোকসকলৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবৰ বাবে প্ৰায় ১৫০টা পৰিয়ালক ৩৮০০ টকাৰ চেক বিতৰণ কৰে মন্ত্ৰী গৰাকীয়ে। লগতে পশুৰ আহাৰো পৰ্যাপ্ত পৰিমাণে যোগান ধৰা হব বুলিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।
মন্ত্ৰী গৰাকীৰ ৰহা আৰু কামপুৰৰ বান বিধ্বস্ত অঞ্চল পৰিভ্ৰমণৰ সময়ত ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী, নগাঁও জিলা উপায়ুক্ত নিসৰ্গ হিৱৰে, নগাঁও জিলা কৃষি বিষয়া তৰুণ হাজৰিকা, জিলা পশুপালন বিষয়া ডা: শান্তনু খাউণ্ড, অগপ নেতা বিষ্ণু দাস, ৰহা আৰু কামপুৰৰ ৰাজহ চক্ৰ বিষয়া আৰু কৃষি বিভাগৰ বিষয় ববীয়াসকল উপস্থিত থাকে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|