• Home
  • »
  • News
  • »
  • assam
  • »
  • কৃষি, উদ্যান শস্য আৰু খাদ্য সংসাধন, পশুপালন আৰু পশু চিকিৎসা তথা দুগ্ধ উন্নয়ন বিভাগৰ বিষয়াসকলৰ সৈতে মন্ত্ৰী অতুল বৰাৰ বৈঠক সম্পন্ন

কৃষি, উদ্যান শস্য আৰু খাদ্য সংসাধন, পশুপালন আৰু পশু চিকিৎসা তথা দুগ্ধ উন্নয়ন বিভাগৰ বিষয়াসকলৰ সৈতে মন্ত্ৰী অতুল বৰাৰ বৈঠক সম্পন্ন

কৃষি বিভাগৰ বিভিন্ন খণ্ডসমূহৰ বিকাশৰ দিশত কিদৰে কাম কৰিব পাৰি সেই সংক্ৰান্তত বিশদভাৱে আলোচনা কৰে মন্ত্ৰী অতুল বৰাই।

কৃষি বিভাগৰ বিভিন্ন খণ্ডসমূহৰ বিকাশৰ দিশত কিদৰে কাম কৰিব পাৰি সেই সংক্ৰান্তত বিশদভাৱে আলোচনা কৰে মন্ত্ৰী অতুল বৰাই।

কৃষি বিভাগৰ বিভিন্ন খণ্ডসমূহৰ বিকাশৰ দিশত কিদৰে কাম কৰিব পাৰি সেই সংক্ৰান্তত বিশদভাৱে আলোচনা কৰে মন্ত্ৰী অতুল বৰাই।

  • Share this:
দেওবাৰে জনতা ভৱনত মন্ত্ৰী অতুল বৰাই কৃষি, উদ্যান শস্য আৰু খাদ্য সংসাধন, পশুপালন আৰু পশু চিকিৎসা তথা দুগ্ধ উন্নয়ন বিভাগৰ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত মূলতঃ এই খণ্ডসমূহৰ বিকাশৰ দিশত কিদৰে কাম কৰিব পাৰি সেই সংক্ৰান্তত বিশদভাৱে আলোচনা কৰা হয়। বিশেষকৈ দেশৰ শীৰ্ষত থকা আন ৰাজ্যসমূহৰ সৈতে এক তুলনামূলক সমীক্ষাৰ জৰিয়তে অসমক আগন্তুক ৪ টা বৰ্ষত কেনেদৰে আগবঢ়াই নিব পাৰি, সেই সন্দৰ্ভত সঠিক পৰিকল্পনা প্ৰস্তুতৰ বিষয়ে বিস্তৃত ৰূপত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কৃষি আৰু আনুষংগিক খণ্ডৰ বিকাশৰ জৰিয়তে ৰাজ্যৰ অৰ্থনৈতিক ভেটি শক্তিশালীকৰণৰ বাবে অসম চৰকাৰে যি প্ৰচেষ্টা গ্ৰহণ কৰিছে, সেই প্ৰচেষ্টাৰ জৰিয়তে অনাগত সময়ত ঈপ্সিত লক্ষ্যত উপনীত হ'বলৈ সকলো কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ বিষয়াসকলক মন্ত্ৰী বৰাই আহ্বান জনায়।

উক্ত বৈঠকত কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি উৎপাদন আয়ুক্ত ডাঃ আশিস কুমাৰ ভূটানী, সঞ্চালক অনন্ত লাল জ্ঞানী, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালিকা ইন্দিৰা কলিতা, সচিব অভিজিৎ বৰুৱা, উদ্যান শস্য বিভাগৰ সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা, দুগ্ধ উন্নয়ন বিভাগৰ সঞ্চালক উৎপল শৰ্মা প্ৰমুখ্যে সংশ্লিষ্ট বিভাগৰ বিভিন্ন দায়িত্বত থকা জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
Published by:Sehnaz Begum
First published: