মুখ্যপৃষ্ঠা »খবৰ »অসম »Minister Atul Bora : ট্ৰেক্টৰ চলাই কঠীয়া সিঁচিলে মন্ত্ৰী অতুল বৰাই। ৰাজ্যৰ কৃষকৰ বাবে পথাৰত নামিছে মন্ত্ৰী।

Minister Atul Bora : ট্ৰেক্টৰ চলাই কঠীয়া সিঁচিলে মন্ত্ৰী অতুল বৰাই। ৰাজ্যৰ কৃষকৰ বাবে পথাৰত নামিছে মন্ত্ৰী।

কৃষকৰ উৎপাদিত ফচল ক'ভিড ১৯ৰ বাবে কিছু পৰিমাণে নষ্ট হোৱা বুলি স্বীকাৰ কৃষিমন্ত্ৰী অতুল বৰাৰ ৷

কৃষকৰ উৎপাদিত ফচল ক'ভিড ১৯ৰ বাবে কিছু পৰিমাণে নষ্ট হোৱা বুলি স্বীকাৰ কৃষিমন্ত্ৰী অতুল বৰাৰ ৷

কৃষকৰ উৎপাদিত ফচল ক'ভিড ১৯ৰ বাবে কিছু পৰিমাণে নষ্ট হোৱা বুলি স্বীকাৰ কৃষিমন্ত্ৰী অতুল বৰাৰ ৷

  • Share this:
খেতিৰ বতৰত খেতিত ধৰিছে কৃষি মন্ত্ৰী অতুল বৰাই। ট্ৰেক্টৰেৰে মাটি চহাইছে, নিজে বোকাত নামি কঠীয়া সিঁচিছে। নিজৰ বাবে নহয় ৰাজ্যৰ কৃষকৰ বাবে। আসন্ন বানপানীৰ প্ৰতি লক্ষ্য ৰাখি কৃষকক সময়মতে ধানৰ কঠীয়া যোগানৰ বাবে  বোকাখাত মহকুমাৰ কৃষি বিভাগে পানবাৰী নিগম, মহকুমাধিপতি কাৰ্য্যালয়ৰ প্ৰাংগণ তথা ৰৌদুৱা পথাৰত প্ৰায়  ৪০ হেক্টৰ ভূমিত উন্নত মানৰ ৰণজিৎ চাব-১ আৰু বাহাদুৰ চাব-১ প্ৰজাতি ধানৰ কঠীয়া সিচাঁৰ কাম আৰম্ভ কৰিছে।

বোকাখাত মহকুমা কৃষি বিভাগৰ উদ্যোগত অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা ২০২১-২২ৰ অধীনত ধানৰ কঠীয়া উৎপাদনৰ বাবে  পানবাৰী নিগমত আৰম্ভ কৰা সমূহীয়া নাৰ্চাৰীৰ আজি মন্ত্রী অতুল বৰাই শুভউদ্বোধন কৰে। অতুল বৰাই কয়, "কৃষিক্ষেত্ৰৰ বিপুল পৰিৱৰ্তনৰ বাবে কেন্দ্রীয় তথা ৰাজ্য  চৰকাৰে কৃষিখণ্ডৰ উন্নয়নমূলক আঁচনিসমূহৰ সফল ৰূপায়ণৰ ওপৰত গুৰুত্ব দিছে।"

আনহাতে কৃষকৰ উৎপাদিত সামগ্ৰীৰ সংৰক্ষণৰ বাবে কৃষি বিভাগে ৰাজ্যখনৰ বিভিন্ন এলেকাত  শীতল ভঁড়ালৰ নিৰ্মাণ কাম চলাই আছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

কৃষকৰ উৎপাদিত ফচল ক'ভিড ১৯ৰ বাবে কিছু পৰিমাণে নষ্ট হোৱা বুলি স্বীকাৰ কৰিছে কৃষিমন্ত্ৰী অতুল বৰাই ৷ দেওবাৰে বোকাখাতৰ কুৰুৱাবাহীৰ খতিয়াখলি গাঁৱৰ কৃষক ৰাইজৰ উৎপাদিত ৰঙালাও পশ্চিমবংগলৈ ২২ টন ৰঙালাও ৰপ্তানিৰ শুভাৰম্ভ কৰে কৃষিমন্ত্ৰী অতুল বৰাই ৷ এপাৰ্টৰ বিষয়ববীয়াই জানিবলৈ দিয়া অনুসৰি ৰঙালাও উপৰিও আনাৰস, আন আন শাক-পাচলি আৰু ফলমূল আদি বহিঃৰাজ্যলৈ ৰপ্তানিৰ ব্যৱস্থা কৰিব ৷

শেহতীয়া বাতৰি