‘মুখ্যমন্ত্ৰী–জুবিন গাৰ্গৰ আলিংগন’, মন্ত্ৰী অতুল বৰাই ক’লে– ছবিয়ে কথা কয়

News18 Assam | News18-Assam
Updated:February 17, 2020, 2:02 PM IST
‘মুখ্যমন্ত্ৰী–জুবিন গাৰ্গৰ আলিংগন’, মন্ত্ৰী অতুল বৰাই ক’লে– ছবিয়ে কথা কয়
পৰিবেশ লাহে লাহে স্পষ্ট হৈ আহিছেঃ অতুল বৰা

পৰিবেশ লাহে লাহে স্পষ্ট হৈ আহিছেঃ অতুল বৰা

  • Share this:
ফিল্মফেয়াৰৰ মঞ্চত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জুবিন গাৰ্গে আলিংগন কৰাৰ পিছত বিষয়টোৱে সৰ্বত্ৰ বিশেষ চৰ্চা লাভ কৰিছে। এইবাৰ বিষয়টোক ৰাজনৈতিক ৰূপ দিয়াৰ চেষ্টা অসমৰ প্ৰধান ‘আঞ্চলিক’ দল অসম গণ পৰিষদৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জুবিন গাৰ্গে আলিংগন কৰা ফটোগ্ৰাফ’ক মন্ত্ৰী অতুল বৰাই ৰাজনৈতিক ৰূপ দি কয় যে, ‘ফটোৱে কথা কয়। লাহে লাহে পৰিবেশ স্পষ্ট হৈ আহিছে।’

মন্ত্ৰী অতুল বৰাই লগতে কয় যে, আগন্তুক ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে অসম গণ পৰিষদ সম্পূৰ্ণ সাজু। যিদৰে বিজেপিৰ লক্ষ্য ১০০+ , ঠিক সেইদৰে অগপৰ লক্ষ্য– ৮০+। যদিও দুয়োটা দল মিত্ৰতাত আছে , তথাৰিও অসম গণ পৰিষদ নিজৰ নীতি আদৰ্শৰে আগবাঢ়িব বুলি মন্তব্য় কৰে অতুল বৰাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি