চীনৰ পৰা আহিছে গাহৰি ৰোগৰ বীজানু!

পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই জনালে এই কথা ৷
পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই জনালে এই কথা ৷
- News18 Assam
- Last Updated: April 28, 2020, 11:14 PM IST
ৰাজ্যত অস্বাভাৱিক ৰূপত বৃদ্ধি পাইছে গাহৰিৰ মৃত্যু ৷ যাৰ বাবে ধেমাজি, শিৱসাগৰ, ডিব্ৰুগড়, লখিমপুৰ, বিশ্বনাথ, যোৰহাটত বন্ধ আছে গাহৰিৰ বিক্ৰী ৷ গাহৰিৰ এই অস্বাভাৱিক মৃত্যুক লৈ উদ্বিগ্ন হৈ পৰা পশুপালন মন্ত্ৰী অতুল বৰাই মঙলবাৰে স্পষ্ট কৰি দিলে, উপৰোক্ত ছখন জিলাক বাদ দি আন জিলা সমূহত গাহৰি মাংসৰ বিক্ৰী আৰু খোৱাত নাই নিষেধাজ্ঞা ৷
‘ভেকচিন দিয়াৰ কাম আৰম্ভ কৰিম আমি ৷ তিনি লাখ ড'জ ভেকচিন দিয়া হ'ব ৷ দানা পৰিবহনত কোনো অসুবিধা নাই, প্ৰভাৱিত জিলাত এখন ফাৰ্মৰ পৰা আন এখন ফাৰ্মলৈ দানা নিয়াত অসুবিধা আছে ৷ ছখন এফেক্টেড জিলাৰ পৰা সৰবৰাহ নহয় গাহৰি ৷ তিনিটা লেবত চলি আছে বৰ্তমান ছেম্পল পৰীক্ষা ৷’ পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই জনালে এই কথা ৷