• Home
  • »
  • News
  • »
  • assam
  • »
  • খেতিয়কে নহয়, অন্য লোকেহে লাভ কৰিছে পি এম কিষাণ নিধিৰ ধন, কৃষিমন্ত্ৰীৰ তদন্ত ঘোষণা

খেতিয়কে নহয়, অন্য লোকেহে লাভ কৰিছে পি এম কিষাণ নিধিৰ ধন, কৃষিমন্ত্ৰীৰ তদন্ত ঘোষণা

 একেনিশাই কৃষক সজোৱা সকলৰ বিপদ !

একেনিশাই কৃষক সজোৱা সকলৰ বিপদ !

একেনিশাই কৃষক সজোৱা সকলৰ বিপদ !

  • Share this:
কোৰোণা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে কৃষি বিভাগৰ আঁচনিত ব্যাপক কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে । ল’ক ডাউনৰ ফলত জীৱন নচলা হৈছে সাধাৰণ কৃষকৰ। সেয়েহে কৃষকসকলক কিছু আৰ্থিক ভাবে সকাহ দিয়াৰ উদ্দেশ্যে প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধি চমুকৈ পি এম কিষাণৰ তৰফৰ পৰা প্ৰতিগৰাকী কৃষকৰ একাউন্টত ২ হাজাৰ টকা জমা কৰিছিল চৰকাৰে।

কিন্তু চৰকাৰে সাহাৰ্য প্ৰদান কৰিবলৈ সিদ্ধান্ত লোৱাৰ পিছতে ৰাজ্যৰ বিভিন্ন ঠাইত নিশাটোৰ ভিতৰতে কৃষক হৈ পৰিল বহুজন! কৃষি বিভাগৰ জিলা তথা মহকুমা পৰ্যায়ৰ একাংশ কৰ্মচাৰীৰ নিজ স্বাৰ্থৰ বাবে প্ৰকৃত কৃষকক বঞ্চিত কৰি নাম অন্তৰ্ভুক্ত কৰিলে ব্য়ৱসায়ী, চাকৰিয়ালৰ।আনকি একেটা পৰিয়ালৰ চাৰি পাঁচ জনেও লাভ কৰিলে কৃষান নিধিৰ ধন।

চৰকাৰী সাহায্য়ৰ ভাগ-বতৰাৰ অংকত এনে কাম কৰিলে কৃষি বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীয়ে। ৷ এনে দুৰ্নীতিত পঞ্চায়তৰ সদস্য, সভাপতি, তথা সচিবও জড়িত থকাৰ অভিযোগো উত্থাপিত হৈছে।



নিউজ 18 অসম নৰ্থ ইষ্টত প্ৰকাশ পাইছিল ৰাজ্যত পি এম কিষাণৰ আঁচনিৰ এনে ভয়ংকৰ দুৰ্নীতিৰ তথ্য ৷ সবিস্তাৰে প্ৰকাশ পোৱা এনে দুৰ্নীতিৰ তথ্যৰ পাছতে কৃষি মন্ত্ৰী অতুল বৰাই এতিয়া বিভাগীয় তদন্ত ঘোষণা কৰিছে ৷

বিভাগৰ প্ৰধান সচিব ৰাজেশ প্ৰসাদ আৰু কৃষি বিভাগৰ সঞ্চালক মনোজ কুমাৰক  ১০ৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে কৃষি মন্ত্ৰী অতুল বৰাই।
First published: