আজি ঘোষণা কৰা ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ ভিতৰতে প্ৰথম স্থান লাভ কৰি উজলি উঠা ঢেকীয়াজুলিৰ হৃদম ঠাকুৰীয়া আৰু সপ্তম স্থান লাভ কৰা জোনাক কাশ্যপলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে মন্ত্ৰী অশোক সিংহলে।
অসম বিধানসভাত ঢেকীয়াজুলি সমষ্টিক প্ৰতিনিধিত্ব কৰা মন্ত্ৰীগৰাকীয়ে এক শুভেচ্ছা বাৰ্তাত কয় যে ৯৯.৩৩% নম্বৰেৰে সমগ্ৰ ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰি ঢেকিয়াজুলিৰ শংকৰদেৱ শিশু নিকেতনৰ মেধাৱী ছাত্ৰ তথা ভালুকধাৰা নিৱাসী সৰ্বানন্দ ঠাকুৰীয়াৰ পুত্ৰ হৃদম ঠাকুৰীয়াই সমগ্ৰ ঢেকিয়াজুলিবাসীকে গৌৰৱান্বিত কৰি তুলিছে। একেদৰে চিৰাজুলিৰ শংকৰ কলিতাৰ পুত্ৰ জোনাক কাশ্যপেও অঞ্চলটোৰ লুইত জাতীয় বিদ্যালয়ৰ পৰা এইবাৰৰ পৰীক্ষাত সপ্তম স্থান অধিকাৰ কৰি সমষ্টিটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।
দুয়োগৰাকী কৃতী ছাত্ৰৰ এই চমকপ্ৰদ সাফল্যৰ বাবে মন্ত্ৰী সিংহলে তেওঁলোকৰ পিতৃ-মাতৃ, অভিভাৱক তথা বিদ্যালয়ৰ শিক্ষাগুৰুসকলকো ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰে। মেধাৱী ছাত্ৰ দুগৰাকীৰ ভৱিষ্যৎ শিক্ষা জীৱনলৈ অলেখ শুভকামনা জ্ঞাপন কৰি অনাগত দিনবোৰতো প্ৰজ্ঞাৰ জ্যোতিৰে তেওঁলোকৰ জীৱনৰ প্ৰতিটো ঢাপ উজলি উঠিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
ঢেকীয়াজুলিৰ শৈক্ষিক ক্ষেত্ৰখনক উজলাই তোলা সমষ্টিটোৰ কৃতী সন্তান হৃদম ঠাকুৰীয়া আৰু জোনাক কাশ্যপৰ ভৱিষ্যৎ শিক্ষা জীৱনৰ সম্পূৰ্ণ ব্যয় ব্যক্তিগতভাৱে বহন কৰিব বুলি মন্ত্ৰী সিংহলে আজি জানিবলৈ দিয়ে। তেওঁ লগতে হৃদম ঠাকুৰীয়াই অধ্যয়ন কৰা ঢেকীয়াজুলিৰ শংকৰদেৱ শিশু নিকেতনলৈ তেওঁৰ বিধায়ক পুঁজিৰ পৰা ২০ লাখ টকা আৰু জোনাক কাশ্যপে অধ্যয়ন কৰা লুইত জাতীয় বিদ্যালয়লৈ ১০ লাখ টকাৰ এককালীন অনুদান প্ৰদানৰ কথা ঘোষণা কৰিছে। অনাগত দিনবোৰতো বিদ্যালয় দুখনে গুণগত মানৱ সম্পদ সৃষ্টিৰে ঢেকীয়াজুলিৰ শৈক্ষিক ক্ষেত্ৰখনক অধিক সমৃদ্ধ কৰাত আত্মনিয়োগ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
Published by: Gautam Barman
FIRST PUBLISHED : May 22, 2023, 14:47 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।