মুখ্যপৃষ্ঠা »খবৰ »অসম »৫০০ টকাত চৰকাৰী মাটি! চহৰ–নগৰ অঞ্চলত চৰকাৰী ভূমিত বসবাস কৰা লোকসকলৰ বাবে ডাঙৰ খবৰ!

৫০০ টকাত চৰকাৰী মাটি! চহৰ–নগৰ অঞ্চলত চৰকাৰী ভূমিত বসবাস কৰা লোকসকলৰ বাবে ডাঙৰ খবৰ!

প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰ্বানক লৈ আজি মন্ত্ৰী অশোক সিংঘলে এক সংবাদমেলৰ আয়োজন কৰে।

প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰ্বানক লৈ আজি মন্ত্ৰী অশোক সিংঘলে এক সংবাদমেলৰ আয়োজন কৰে।

প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰ্বানক লৈ আজি মন্ত্ৰী অশোক সিংঘলে এক সংবাদমেলৰ আয়োজন কৰে।

  • Share this:
প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰ্বানক লৈ আজি মন্ত্ৰী অশোক সিংঘলে এক সংবাদমেলৰ আয়োজন কৰে। সংবাদ মেলত সিংঘলে কয়, ‘‘নগৰ অঞ্চলত, চহৰ অঞ্চলত চৰকাৰী ভূমিত বসবাস কৰা লোকসকলক, যিসকলে জুন ২০১১ৰ আগৰ পৰা বসবাস কৰি আছে, তেওঁলোকক উপায়ুক্তই ঘৰ বনোৱাৰ বাবে এনঅ’চি দিব। ৩ৰ পৰা ৫ লেচা মাটি আবণ্টন দিয়া হ’ব।’’

৫০০ টকাৰ প্ৰিমিয়াম লৈ মাটি তেওঁলোকক ঘৰ বনাবলৈ দিয়া হ’ব বুলি কয় মন্ত্ৰীগৰাকীয়ে। তাৰ ফলত ২০ হাজাৰৰো অধিক দুখীয়া ঘৰ পাবলগীয়া মানুহ, যিসকলে চৰকাৰী মাটিত থকা বাবে ঘৰ পোৱা নাছিল, তেওঁলোক উপকৃত হ’ব।

অশোক সিংঘলে কয়, ‘‘এই ভূমিত তেওঁলোকে ঘৰ সাজিব পাৰিব। এয়া ছেটেলমেণ্টহে, আমি পট্টা নিদিওঁ। জলাশয়, পাহাৰত থকা লোকে নাপাব এই সুবিধা।’’

শেহতীয়া বাতৰি