সমষ্টি পুনৰ নিৰ্ধাৰণত লোকসভাৰ সংৰক্ষণ ব্যৱস্থাৰ আওতাই পাক লগাইছে ৰাজনীতিত ৷ চৈধ্যটা লোকসভা সমষ্টিৰ কোকৰাঝাৰ আৰু ডিফু আছিল অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টি ৷ ২০০১ৰ লোকপিয়ল অনুসৰি হ'বলৈ আগবঢ়া পুনৰ নিৰ্ধাৰণত সংবিধানৰ ৩৩০ আৰু ৩৩২ অনুচ্ছেদ মতে সংৰক্ষণৰ আওতাৰ পৰা আঁতৰ হ'ব পাৰে কোকৰাঝাৰ লোকসভা, যাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে UPPLৰ সাত বিধায়কৰে মন্ত্ৰীৰ চৰকাৰী আৱাসত বৈঠকত বহিল মন্ত্ৰী অশোক সিংহল ৷ মন্ত্ৰী ইউ জি ব্ৰহ্মৰ নেতৃত্বত এই বৈঠক সমাপ্তৰ পিছত অৱশ্যেই বিষয়টোৰ পৰা ফালৰি কাটিলে মন্ত্ৰীগৰাকীয়ে ৷
"বিহুৰ বতৰ, মোৰ ঘৰলৈ মন্ত্ৰী ইউ জি ব্ৰহ্মকে ধৰি বিধায়কসকল আহিছে ৷ আমি কথা পাতিছোঁ, চাহ পিঠা-পনা খাইছোঁ ৷ ইয়াত বেলেগ কথা একো নাই ৷ সমষ্টি পুনৰ নিৰ্ধাৰণত কোকৰাঝাৰৰ কি হ'ব সেয়া ক'ব পৰা বিষয় নহয় ৷ এতিয়া জানো কোকৰাঝাৰ ST সমষ্টি হৈ থকা নাই? সমষ্টি পুনৰ নিৰ্ধাৰণৰ আয়োগৰ ড্ৰাফ্ট ওলাইছে নেকি? কাজলগাঁৱত মিটিং কৰিব পাৰে এবছুৱে, ভাল কথা নিজৰ জাতিৰ কথা ভবা ৷" মন্ত্ৰীগৰাকীয়ে বৈঠকৰ পিছতে ক'লে এইদৰে ৷
উল্লেখযোগ্য যে পুনৰ নিৰ্ধাৰণত কোকৰাঝাৰ লোকসভা সমষ্টি গঠন হ'ব পাৰে ১নং কচুগাঁও ST, ৩নং কোকৰাঝাৰ ST, ৪নং গোসাঁইগাঁও, ১৯নং চিৰাং ST, ২০নং বিজনী আৰু ৪১নং গোবৰ্ধনা বিধানসভা সমষ্টিৰে ৷ এই ৭টা বিধানসভা সমষ্টিৰে গঠন হ'বলগীয়া কোকৰাঝাৰ লোকসভা সমষ্টিত অনুসূচিত জনজাতিৰ তিনিটা বিধানসভা সমষ্টি থাকিলেও সংসদীয় সমষ্টিটো হৈ পৰিব সাধাৰণ শ্ৰেণীৰ সমষ্টি ৷ ইয়াৰ বিপৰীতে নাৰায়ণপুৰ, নাওবৈচা, লখিমপুৰ, শদিয়া, বৰবৰুৱা, ঢকুৱাখানা(ST), ধেমাজি (ST), চিচিবৰগাঁও (ST), জোনাই (ST), মাজুলী (ST) এই দহটা বিধানসভাৰে গঠিত হ'বলগীয়া লোকসভা সমষ্টিটো সংৰক্ষিত হ'ব অনুসূচিত জনজাতিৰ বাবে ৷ ইয়াকে লৈ বিটিআৰৰ ৰাজনীতিত বিষয়টোৱে ব্যাপক প্ৰভাৱ পেলাব ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।