ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বাসন্তী পূজা অনুষ্ঠিত হৈছে। নলবাৰীৰ বৰ আজাৰা চান্দকুছিত অনুষ্ঠিত হোৱা ৮৬ তম বাসন্তী পূজা স্থলীত বিজেপি নেতা ফনীন্দ্ৰ নাথ শৰ্মাৰ আমন্ত্ৰণ মৰ্মে নিশা মন্ত্ৰী অশোক সিংহল পূজাস্থলীত উপস্থিত হয়। তেওঁ পূজাস্থলীত উপস্থিত হৈ পোনপ্ৰথমে বাসন্তী দেৱীৰ আশীৰ ল’লে। ইয়াৰ পিছতে মন্ত্ৰী গৰাকীয়ে পূজা স্থলীত চলি থকা নাগাৰা নাম উপভোগ কৰে। বৰ্তমান সময়ত বহুল চৰ্চিত নাগাৰা নামে যেন সকলোকে আকৰ্ষিত কৰিছে।
উক্ত পূজাস্থলীত পাঠিকা গীতাঞ্জলী কলিতা আৰু বিকি কলিতাই নাগাৰা নাম পৰিবেশন কৰে। মন্ত্ৰী গৰাকীয়ে নাগাৰা নাম চাই আপ্লুত হৈ পৰে। ইপিনে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী গৰাকীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সম্পৰ্কেও মন্তব্য প্ৰকাশ কৰে।
উল্লেখযোগ্য যে, বৰ আজাৰা চান্দকুছিস্থিত বাসন্তী মন্দিৰত ২৭ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ অনুষ্ঠিত কৰা হৈছে। ইফালে আধ্যাত্মিক আৰু সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰিছে পূজাস্থলীত উদ্যোক্তাই।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 29, 2023, 11:32 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।