মন্ত্ৰী কেশৱ মহন্তৰ ব্যৱস্থাপনাত অনুষ্ঠিত এই অভিনন্দন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ গণিত বিভাগৰ অধ্যাপক তথা কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা ৰেংলাৰ সন্মান প্ৰাপক অনুপম শইকীয়া আৰু বীৰাংগানা সতী সাধনী ৰাজ্যিক বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য তথা বিশিষ্ট সমাজ বিজ্ঞানী ডঃ জ্যোতিপ্ৰসাদ শইকীয়া। উল্লেখযোগ্য যে, কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই ২০০৬ চনৰ পৰাই নিজা উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰি আহিছে।