• Home
  • »
  • News
  • »
  • assam
  • »
  • গোলাঘাট সমষ্টিৰ বহুকেইটা প্ৰকল্পৰ শুভ উদ্বোধন মন্ত্ৰী অজন্তা নেওগৰ; গোলাঘাটৰ পদপথৰ ব্যৱসায়ীক পৰিচয় পত্ৰ প্ৰদান বিত্তমন্ত্ৰীৰ

গোলাঘাট সমষ্টিৰ বহুকেইটা প্ৰকল্পৰ শুভ উদ্বোধন মন্ত্ৰী অজন্তা নেওগৰ; গোলাঘাটৰ পদপথৰ ব্যৱসায়ীক পৰিচয় পত্ৰ প্ৰদান বিত্তমন্ত্ৰীৰ

এই অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগে প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ অধীনত পদপথৰ ব্যৱসায়ীসকলক পৰিচয় পত্ৰ আৰু পৰিচয় বৰ্ড প্ৰদান কৰে।

এই অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগে প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ অধীনত পদপথৰ ব্যৱসায়ীসকলক পৰিচয় পত্ৰ আৰু পৰিচয় বৰ্ড প্ৰদান কৰে।

এই অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগে প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ অধীনত পদপথৰ ব্যৱসায়ীসকলক পৰিচয় পত্ৰ আৰু পৰিচয় বৰ্ড প্ৰদান কৰে।

  • Share this:
বুধবাৰে কেইবাটাও চৰকাৰী কাৰ্যসূচীলৈ গোলাঘাট সমষ্টিত উপস্থিত হয় স্থানীয় বিধায়িকা তথা অসম চৰকাৰৰ বিত্ত, মহিলা আৰু শিশু বিকাশ দপ্তৰৰ মন্ত্ৰী অজন্তা নেওগ। গোলাঘাট পৌৰসভাৰ কাৰ্যালয়ত অংশগ্ৰহণ কৰি মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ ক্ষুদ্ৰ প্ৰক্ৰিয়াকৰণ উদ্যোগ আঁচনিৰ অধীনত মহিলা আত্মসহায়ক গোটৰ মাজত ৪০,০০০ টকাৰ অনুমোদন পত্ৰ বিতৰণ কৰে। একেটা অনুষ্ঠানতে মন্ত্ৰী অজন্তা নেওগে প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ অধীনত পদপথৰ ব্যৱসায়ীসকলক পৰিচয় পত্ৰ আৰু পৰিচয় বৰ্ড প্ৰদান কৰে। মন্ত্ৰীৰ লগতে গোলাঘাটৰ পৌৰপতি এই অনুষ্ঠানত উপস্থিত থাকে।

ইফালে গোলাঘাটৰ চান্দমাৰীত নিৰ্মাণ হোৱা টাই সংস্কৃতি বিকাশ আৰু গৱেষণা কেন্দ্ৰ তথা সদৌ টাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ মুখ্য কাৰ্যালয়টো উদ্বোধন কৰে বিত্তমন্ত্ৰীয়ে। অনুষ্ঠানত মন্ত্ৰীৰ সৈতে উপস্থিত থাকে টাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ সভাপতি কৃষ্ণ বৰুৱা আৰু প্ৰতিস্থাপক সম্পাদক বেদান্ত বিকাশ গোহাঁই।

বুধবাৰৰ এই সমষ্টি ভ্ৰমণকালতে মন্ত্ৰী অজন্তা নেওগে কছাৰীহাট বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়খন পৰিদৰ্শন কৰি শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে ম'ত বিনিময় কৰে।

বিত্ত, মহিলা আৰু শিশু বিকাশ দপ্তৰৰ মন্ত্ৰীয়ে উক্ত দিনটোতে অসম দৰ্শন আঁচনিৰ অধীনত নিৰ্মাণ কৰি উলিওৱা পূৱ বনগাঁও ৰাজহুৱা বৰ নামঘৰৰ পকী বেৰ আৰু নাবাৰ্ডৰ অর্থসাহাৰ্যৰে নিৰ্মিত কছাৰীহাট বনগাঁওৰ সৌৰ শক্তি চালিত মধ্যম গভীৰ নলীনাদ জলসিঞ্চন আচঁনিখনৰো শুভ উদ্বোধন কৰে।
Published by:Sehnaz Begum
First published: