মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মিত্ৰ বিধায়কৰ সৈতে দুপৰীয়াৰ সাজ গ্ৰহণ কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে, মিলিত হ'ল গুৰুত্বপূৰ্ণ বৈঠকত

মিত্ৰ বিধায়কৰ সৈতে দুপৰীয়াৰ সাজ গ্ৰহণ কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে, মিলিত হ'ল গুৰুত্বপূৰ্ণ বৈঠকত

News18 Assam | News18-Assam
Updated:June 23, 2021, 7:12 PM IST
মিত্ৰ বিধায়কৰ সৈতে দুপৰীয়াৰ সাজ গ্ৰহণ কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে, মিলিত হ'ল গুৰুত্বপূৰ্ণ বৈঠকত
হানগৰীৰ জালুকবাৰীস্থিত মন্ত্ৰীগৰাকীৰ নিজ বাসগৃহত অনুষ্ঠিত হয বৈঠক

হানগৰীৰ জালুকবাৰীস্থিত মন্ত্ৰীগৰাকীৰ নিজ বাসগৃহত অনুষ্ঠিত হয বৈঠক

  • Share this:
বুধবাৰে ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে মিত্ৰ বিধায়কৰ সৈতে আহাৰ গ্ৰহণ কৰাৰ লগতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। মহানগৰীৰ জালুকবাৰীস্থিত মন্ত্ৰীগৰাকীৰ নিজ বাসগৃহত অনুষ্ঠিত হোৱা বৈঠকখনত উপস্থিত আছিল নলবাৰী সমষ্টিৰ বিজেপি বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱা, ৰাতাবাৰী সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ, লক্ষীপুৰ সমষ্টিৰ বিধায়ক কৌশিক ৰায় আৰু পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া।

উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়েই হিমন্ত বিশ্ব শৰ্মাই গুজৰাটৰ আৰ্হিত ৰাজ্য পৰিচালনা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। সেয়েহে একোজন কেবিনেট মন্ত্ৰীৰ সৈতে তিনি-চাৰিজনীয়া বিধায়কৰ এটা দল গঠন কৰি দিছিল ৷ লগতে মাহটোৰ দ্বিতীয় আৰু চতুৰ্থ মঙলবাৰে বিধায়ক কেইগৰাকীৰ সৈতে মন্ত্ৰীগৰাকীক বৈঠকত মিলিত হ'বলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে।

বুধবাৰে  নিজৰ মিত্ৰ বিধায়ক কেইগৰাকীৰ সৈতে বৈঠকত মিলিত হয় বিত্তমন্ত্ৰী অজন্তা নেওগ।  মন্ত্ৰীগৰাকীয়ে বুধবাৰে বিধায়ককেইজনক দুপৰীয়াৰ আহাৰ গ্ৰহণৰ লগতে  কিছু আলোচনাৰ বাবে আমন্ত্ৰণ জনায়। আৰু প্ৰায় ডেৰ ঘণ্টাধৰি বিভিন্ন সমস্যা ৰাজিৰ সন্দৰ্ভত আলোচনা কৰে।
Published by: Himangshu Bhuyan
First published: June 23, 2021, 5:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি