বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / Ajanta Neog: তিলেশ্বৰ শইকীয়াৰ সপোনৰ ঘৰটো হ'ল, মন্ত্ৰী অজন্তা নেওগৰ মহানুভৱতা

Ajanta Neog: তিলেশ্বৰ শইকীয়াৰ সপোনৰ ঘৰটো হ'ল, মন্ত্ৰী অজন্তা নেওগৰ মহানুভৱতা

Ajanta Neog: তিলেশ্বৰ শইকীয়াৰ সপোনৰ ঘৰটো হ'ল, মন্ত্ৰী অজন্তা নেওগৰ মহানুভৱতা

Minister Ajanta Neog: নিজৰ দৰমহাৰ টকাৰে তিলেশ্বৰ শইকীয়াৰ ঘৰ সাজি দিলে মন্ত্ৰী অজন্তা নেওগে

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

তিলেশ্বৰ শইকীয়াৰ সপোনৰ ঘৰটো হ’ল ৷ সকলোৰে দৰে তিলেশ্বৰ শইকীয়াৰো এটা আপোন ঘৰ সজাৰ সপোন আছিল ৷ ঘৰ সজাৰ স্বাভাৱিক সপোন কিছুমানৰ পুৰণ হয়, কিছুমানৰ নহয় ৷ বিজেপি (BJP)ৰ নিষ্ঠাৱান কৰ্মীগৰাকীৰো দীৰ্ঘদিনীয়া সপোনটো পুৰণ হোৱা নাছিল ৷

তিলেশ্বৰ শইকীয়া; এগৰাকী পুৰণি নিষ্ঠাবান বিজেপি কৰ্মী ৷ যাক বাসগৃহ উপহাৰ দিলে বিত্তমন্ত্ৰী অজন্তা নেওগে (Minister Ajanta Neog) ৷ ১৯৯১ চনত বিজেপি দলত যোগদান কৰাৰ পিছৰে পৰাই নিজৰ কথা নাভাবি তিলেশ্বৰ শইকীয়াই কেৱল দলৰ স্বাৰ্থত ৩১ বছৰে কৰি গৈছিল  সেৱা ৷ শইকীয়াৰ কৰ্ম আৰু নিষ্ঠাৰ কথা অৱগত হৈ গোলাঘাট (Golaghat) সমষ্টিৰ বিধায়িকা তথা ৰাজ্যৰ বিত্তমন্ত্ৰীগৰাকীয়ে নিজা দৰমহাৰ টকাৰে নিৰ্মাণ কৰি দিলে এটা আৱাসগৃহ ৷

বিজ্ঞাপন

গোলাঘাট সমষ্টিৰ আঠগাঁও মণ্ডলৰ বিজেপি দলৰ নিষ্ঠাৱান কৰ্মী তিলেশ্বৰ শইকীয়া আজি আনন্দিত ৷ ১৯৯১ চনৰ পৰা বিজেপি দলৰ সাংগঠনিক ভেটি মজবুত কৰাত অন্যতম তিলেশ্বৰ শইকীয়া ৷ এইগৰাকী বিজেপি কৰ্মীয়ে প্ৰথমে সমষ্টি সমিতিৰ সভাপতি, ব্লক সভাপতি আৰু তাৰ পিছত জিলা সভাপতিৰ পদ অলংকৃত কৰিছিল ৷ জীৱনৰ ৩১টা বছৰ বিজেপি দলৰ হৈ কাম কৰি যোৱা তিলেশ্বৰ শইকীয়াৰ বাসগৃহটো দেখি গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগ হতচকিত হৈ গৈছিল । তাৰ পিছতেই বিধায়িকাগৰাকীয়ে তেওঁক নিজা দৰমহাৰ টকাৰে এটা বাসগৃহ  দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ প্ৰতিশ্ৰুতি অনুসৰিয়েই বিধায়িকাগৰাকীয়ে এটি সুন্দৰ বাসগৃহ উপহাৰ দিলে ৷ বাসগৃহটো লাভ কৰি যথেষ্ট সুখী পুৰণি বিজেপি কৰ্মীগৰাকী ৷

এইখিনিতে উল্লেখ কৰিব পাৰি কিছুমান কৰ্মীৰ বাবে দলীয় পতাকাখন কিমান ডাঙৰ ৷ তিলেশ্বৰ শইকীয়াই দলৰ বাবে ত্যাগকে কৰি আছিল ৷ আদৰ্শগত ৰাজনীতিৰ পৰা কোনো কাৰণত বিচলিত হোৱা নাছিল ৷ সুখে দুখে স্বাভিমানেৰে উৰুৱাইছিল মাথো গেৰুৱা নিচান ৷ কেতিয়াও নিজৰ বাবে কোনোধৰণৰ সা-সুবিধা গ্ৰহণ নকৰা এইগৰাকী বৰ্ষীয়ান ৰাজনীতিকৰ কৰ্মই এতিয়া নতুন প্ৰজন্মক উৎসাহ প্ৰদান কৰিব ৷ আনহাতে তিলেশ্বৰ শইকীয়াক বাসগৃহটো উপহাৰ দিয়াৰ বাবে সকলোৱে সমষ্টিটোৰ বিধায়িকা অজন্তা নেওগৰ মহানুভৱতাৰ শলাগ লৈছে ৷

বিজ্ঞাপন

(গোলাঘাটৰ পৰা সাংবাদিক ইউনিছ আলীৰ সহযোগত)

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন