লকডাউন : উপায়ন্তৰ হৈ ক্ষোভত শ শ লিটাৰ গাখীৰ পথত পেলাই প্ৰতিবাদ সাব্যস্ত গো পালকৰ

News18 Assam | News18-Assam
Updated:June 30, 2020, 8:47 AM IST
লকডাউন : উপায়ন্তৰ হৈ ক্ষোভত শ শ লিটাৰ গাখীৰ পথত পেলাই প্ৰতিবাদ সাব্যস্ত গো পালকৰ
গো শালাৰ এইসকল গো পালকে ঘৰে প্ৰতি গড়ে ৪০ লিটাৰকৈ গাখীৰ উৎপাদন কৰে৷ কিন্তু সম্পূৰ্ণ লকডাউনৰ বাবে বিক্ৰী কৰিব পৰা নাই গাখীৰ।

গো শালাৰ এইসকল গো পালকে ঘৰে প্ৰতি গড়ে ৪০ লিটাৰকৈ গাখীৰ উৎপাদন কৰে৷ কিন্তু সম্পূৰ্ণ লকডাউনৰ বাবে বিক্ৰী কৰিব পৰা নাই গাখীৰ।

  • Share this:
যোৱা কেইটামান মাহত কোৰোনাৰ আতংকৰ বাবে লকডাউন বাহাল থকাত বৃহৎ আৰ্থিক সংকটৰ মুখামুখি হ’ব লগা হৈছে একাংশ খাটি খোৱা পৰিয়াল৷ এক কথাত কাল অমানিশা নামি আহিছে এইসকল লোকৰ জীৱনলৈ৷ গো পালনেৰে স্বাৱলম্বী হোৱা লোকসকলৰো একেই অবস্থা৷

পূৰ্বৰ লকডাউনত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান, বিক্ৰীৰ ক্ষেত্ৰত কিছু শিথিলতা আছিল৷ কিন্তুু এইবাৰৰ লক ডাউনৰ কঠোৰতা বাবে গো পালকসকলৰ অবস্থা পানীত হাহ নচৰাৰ লেখিয়া হৈছে৷ গো শালাৰ এইসকল গো পালকে ঘৰে প্ৰতি গড়ে ৪০ লিটাৰকৈ গাখীৰ উৎপাদন কৰে৷ কিন্তু সম্পূৰ্ণ লকডাউনৰ বাবে বিক্ৰী কৰিব পৰা নাই গাখীৰ। যদিহে ওলোৱাৰ চেষ্টা কৰে তেনেহ’লে আৰক্ষীয়ে জব্দ কৰে বাহন৷ মুঠৰ ওপৰত নিৰুপায়৷

সেয়েহে ক্ষোভত প্ৰায় ৫০০ লিটাৰৰো অধিক গাখীৰ পথত পেলাই প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ গো পালকে৷ অনতি পলমে চৰকাৰ, প্ৰশাসনে এই সন্দৰ্ভত বিহিত ব্যৱস্থা লোৱাটো বিচাৰে গো পালকসকলে৷
First published: June 30, 2020, 8:47 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading