মণিপুৰৰ মিৰাবাঈ চানুৱে অলিম্পিকত একমাত্ৰ পদকটো জয় কৰাৰ পিছতে সমগ্ৰ দেশতে উঠিছে আনন্দৰ লহৰ। চানুৱে ভাৰতক গৌৰৱান্বিত কৰিলে বুলি গোটেই ভাৰতত চৰ্চিত হৈছে। কিন্তু ইয়াৰ মাজতে উত্তৰপূবৰ লোকৰ প্ৰতি দেশৰ অন্য প্ৰন্তৰ লোকৰ মানসিকতাক লৈ সৰৱ হৈ পৰিছে অসমৰ জীয়ৰী তথা বিখ্যাত মডেল মিলিন্দ সুমনৰ পত্নী অংকিতা কোঁৱৰ।
ইনষ্টাগ্ৰামত এট পোষ্ট দি অংকিতাই লিখিছে, "যদি আপুনি উত্তৰপূৱ ভাৰতৰ হয় তনেহ'লে আপুনি এট পদক জয় কৰিলেহে হ'ব পাৰিব ভাৰতীয়। অন্যথা আমাক কোৱা হয় চিংকী, চাইনীজ বা নেপালী আৰু নতুনকৈ ইয়াৰ লগত যোগ হৈছে কোৰোণা অভিধা। ভাৰত কেৱল জাতিবাদৰ ৰোগতে ৰোগাক্ৰান্ত নহয় বৰ্ণবাদতো আক্ৰান্ত।" এই বুলি লিখি "#Hypocrites" বুলিও হেছটেগ দিয়ে অংকিতা কোঁৱৰে।
![]()
উল্লেখ্য যে অংকিতা কোঁৱৰৰ এই পোষ্ট অমূলক নহয়। প্ৰায়েই ৰৰাজধানী দিল্লী বা ভাৰতৰ অন্য প্ৰান্তত অসম আৰু উত্তৰ পূবৰ লোক, বিশেষকৈ য়ুৱতী-মহিলাসকল এনেধৰণৰ অপমানৰ সন্মুখীন হৈ আহিছে।
অংকিতাৰ এই পোষ্টৰ পিছতে বিষয়টোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ এবাৰ চৰ্চা লাভ কৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|