মুখ্যপৃষ্ঠা » খবৰ

» অসম

»অসম-মিজোৰাম সীমান্তত যুদ্ধ সদৃশ পৰিস্থিতি। মিজো আৰক্ষীয়ে সীমান্তত নিৰ্মাণ কৰিছে কেম্প আৰু বাংকাৰ।

অসম-মিজোৰাম সীমান্তত যুদ্ধ সদৃশ পৰিস্থিতি। মিজো আৰক্ষীয়ে সীমান্তত নিৰ্মাণ কৰিছে কেম্প আৰু বাংকাৰ।

News18 Assam | News18-Assam
Updated:July 20, 2021, 12:08 PM IST
অসম-মিজোৰাম সীমান্তত যুদ্ধ সদৃশ পৰিস্থিতি। মিজো আৰক্ষীয়ে সীমান্তত নিৰ্মাণ কৰিছে কেম্প আৰু বাংকাৰ।
অসম আৰক্ষীয়ে বাধা দিয়াৰ ফলতেই দুই ৰাজ্যৰ সীমান্ত এলেকাত সৃষ্টি হয় উত্তেজনাময় পৰিবেশৰ । যোৱা ২ জুনৰ পৰা অসম আৰু মিজোৰাম দুই ৰাজ্যই নিজ নিজ আৰক্ষী মোতায়েন কৰি থৈছে সীমান্তত।

অসম আৰক্ষীয়ে বাধা দিয়াৰ ফলতেই দুই ৰাজ্যৰ সীমান্ত এলেকাত সৃষ্টি হয় উত্তেজনাময় পৰিবেশৰ । যোৱা ২ জুনৰ পৰা অসম আৰু মিজোৰাম দুই ৰাজ্যই নিজ নিজ আৰক্ষী মোতায়েন কৰি থৈছে সীমান্তত।

  • Share this:
যুদ্ধ সদৃশ পৰিবেশৰ সৃষ্টি হৈছে হাইলাকান্দি জিলাৰ অসম মিজোৰাম আন্তঃৰাজ্যিক সীমান্তত। অসম আৰক্ষীক বাধা দিবলৈ এতিয়া মিজোৰাম আৰক্ষীয়ে সীমান্তত নিৰ্মাণ কৰিছে বাংকাৰ আৰু কেম্প। হাইলাকান্দি জিলাৰ কাটলিছেড়া সমষ্টিৰ গুটগুটি, বিলাইপুৰ, গল্লাছেড়া আদি এলেকাত যোৱা প্ৰায় দুই মাহৰ পৰা নিয়মিত ভাবে আগ্ৰাসন চলোৱাৰ চেষ্টা চলাইআছে মিজোৰামে। এই আগ্ৰাসনত অসম আৰক্ষীয়ে বাধা দিয়াৰ ফলতেই দুই ৰাজ্যৰ সীমান্ত এলেকাত সৃষ্টি হয় উত্তেজনাৰ।

যোৱা ২ জুনৰ পৰা অসম আৰু মিজোৰাম দুই ৰাজ্যই নিজ নিজ আৰক্ষী মোতায়েন কৰি থৈছে সীমান্তত। এই সীমান্ত এলেকা অতি দুৰ্গম হোৱাৰ বাবে বৰ্তমানে হাইলাকান্দি জিলা প্ৰশাসনে প্ৰায় ২৬ কিলোমিটাৰ দীঘল এটা পথ নিৰ্মাণৰ কাম হাতত লৈছে । আনফালে হাইলাকান্দি আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰ যোৱা প্ৰায় ২ মাহ ধৰি সীমান্ত এলেকাত বাহৰ পাতিয় আছে। লগতে ৰাজ্য আৰক্ষীৰ বিভিন্ন উচ্চ পদস্থ বিষয়াই প্ৰতি নিয়ত সীমান্ত এলেকা পৰিদৰ্শন কৰিয় আছে। সীমান্ত এলেকাত নিৰীক্ষণৰ বাবে অসম আৰক্ষীয়ে ড্ৰোণ ব্যৱহাৰ কৰিছে।

ইপিনে, ৰাজ্যত শাসনাধীন বিজেপি চৰকাৰ থকাৰ ফলতে মিজোৰামে এক ইঞ্চি ভূমিও বেদখল কৰিব নোৱাৰে বুলি দাবী কৰিছে বিজেপি নেত্ৰী তথা যোৱা নিৰ্বাচনত আলগাপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি প্ৰাৰ্থী মুন স্বৰ্ণকাৰে ।
Published by: Manjumoni Borah
First published: July 20, 2021, 12:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি