পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত নাহৰকটীয়াৰ বুঢ়ীদিহিং নৈৰ বালি চাপৰি

বুঢ়ীদিহিং নৈৰ চাপৰিত এতিয়া হাজাৰ হাজাৰ মাইল অতিক্ৰম কৰি উপস্থিত হৈছে দেশী বিদেশী অজস্ৰ পৰিভ্ৰমী পক্ষী।
বুঢ়ীদিহিং নৈৰ চাপৰিত এতিয়া হাজাৰ হাজাৰ মাইল অতিক্ৰম কৰি উপস্থিত হৈছে দেশী বিদেশী অজস্ৰ পৰিভ্ৰমী পক্ষী।
- News18 Assam
- Last Updated: November 28, 2020, 2:00 PM IST
ঋতু পৰিৱৰ্তনৰ কথা সোঁৱৰাই ৰাজ্যলৈ লাহে লাহে শীত নামিছে। হেমন্তই চোতালৰ দূবৰিত নিয়ৰকণা সিঁচিছে। সেউজীয়াৰ পৰা সোণালী হৈছে পথাৰ। পথাৰৰ সোণগুটি ভঁৰাললৈ অনাৰ চলিছে প্ৰস্তুতি। বাৰিষা ওফন্দি উঠা ৰাজ্যখনৰ জলাশয়সমূহ ঋতু পৰিৱৰ্তনৰ লগে লগে তৰাং হৈ পৰিছে। এই তৰাং হৈ পৰা খাল-বিল, জলাশয় আৰু নদ-নদীসমূহ এতিয়া দেশী-বিদেশী হাজাৰ বিজাৰ পৰিভ্ৰমী পক্ষীৰ ৰম্যভূমি। ব্যতিক্ৰম হোৱা নাই নাহৰকটীয়াৰ নামফাকে গাওঁৰ বুঢ়ীদিহিং নৈৰ বালিচৰো।
বুঢ়ীদিহিং নৈৰ চাপৰিত এতিয়া হাজাৰ হাজাৰ মাইল অতিক্ৰম কৰি উপস্থিত হৈছে দেশী বিদেশী অজস্ৰ পৰিভ্ৰমী পক্ষী। চৰাইৰ কাকলিত মুখৰিত হৈছে চৌপাশ, সৃষ্টি হৈছে এক নান্দনিক পৰিৱেশৰ। পশ্চিম পাকিস্তান, লাউছ, বাৰ্মা, ভিয়েটনাম, কম্বোডিয়া, বাংলাদেশ, শ্ৰীলংকা আৰু পশ্চিম ভাৰত আদিৰ পৰা জাকে জাকে অহা স্মল প্ৰান্তিকল চৰায়ে পৰাণ জুৰোৱা কলৰৱেৰে মুখৰিত কৰি তুলিছে নাহৰকটীয়াৰ নামফাকে গাঁৱৰ বুঢ়ীদিহিং নৈৰ পাৰ। নামফাকে বৌদ্ধ বিহাৰৰ প্ৰাংগণ স্পৰ্শ কৰি বৈ যোৱা বুঢ়ীদিহিং নৈৰ বালি চাপৰিত এই চৰাইবিধৰ উৰণ ভংগীমাই এতিয়া সাধাৰণ মানুহৰ লগতে প্ৰকৃতি প্ৰেমী ৰাইজক হাত বাউল দি মতাৰ লগতে সকলোৰে মন পুলকিত কৰি তুলিছে।