দূবৰিৰ দলিচাত নিয়ৰ মুকুতামণিয়ে প্রভাতী সুৰুযৰ প্ৰভাতী কিৰণ পাই হাঁহিছে। হৈমন্তিক বতাহজাকে লৈ আহিছে শীতৰ শিহৰণ।ঋতু পৰিৱৰ্তনৰ কথা সোঁৱৰাই ৰাজ্যলৈ লাহে লাহে শীত নামিছে। হিমেল হেমন্তই চোতালৰ দূবৰিত নিয়ৰকণা সৰাইছে। সেউজীয়াৰপৰা সোণালী হৈছে পথাৰ। পথাৰৰ সোণগুটি ভঁৰাললৈ অনাৰ চলিছে প্ৰস্তুতি।
বাৰিষা ওফন্দি উঠা ৰাজ্যখনৰ জলাশয়সমূহ ঋতু পৰিৱৰ্তনৰ লগে লগে তৰাং হৈ পৰিছে। এই তৰাং হৈ পৰা খাল-বিল, জলাশয় আৰু নদ-নদীসমূহ এতিয়া দেশী-বিদেশী হাজাৰ-বিজাৰ পৰিভ্ৰমী পক্ষী (Migratory Birds)ৰ ৰম্যভূমি। ব্যতিক্ৰম হোৱা নাই নাহৰকটীয়া (naharkatia)ৰ চাচনী মেৰবিল (Merbil) পৰ্য্যটন প্ৰকল্পত।
মেৰবিলত এতিয়া হাজাৰ হাজাৰ মাইল অতিক্ৰম কৰি উপস্থিত হৈছে দেশী বিদেশী অজস্ৰ পৰিভ্ৰমী পক্ষী। চৰাইৰ এই কল-কাকলিত মুখৰিত হৈছে চৌপাশ, সৃষ্টি হৈছে এক নান্দনিক পৰিৱেশৰ । পশ্চিম পাকিস্তান, লাওছ, বাৰ্মা, ভিয়েটনাম, কম্বোডিয়া, বাংলাদেশ, শ্ৰীলংকা আৰু পশ্চিম ভাৰত আদিৰপৰা জাকে জাকে অহা স্মল প্ৰান্তিকল চৰায়ে পৰাণ জুৰোৱা কলৰৱেৰে মুখৰিত কৰি তুলিছে পৰ্য্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ বিন্দু মেৰবিল । হাজাৰ হাজাৰ বিঘা মাটি সামৰি সৃষ্টি হোৱা মেৰবিলত চৰাইৰ উৰণ ভংগীমাই এতিয়া সাধাৰণ মানুহৰ লগতে প্ৰকৃতি প্ৰেমী ৰাইজক হাত বাউল দি মতাৰ লগতে সকলোৰে মন পুলকিত কৰি তুলিছে।
Published by: Manjumoni Borah
FIRST PUBLISHED : November 14, 2021, 11:32 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।